ডিফু, ৯ ছেপ্টেম্বৰ :কাৰ্বি আংলং জিলাৰ খটখটীত ইটা পৰিবাহী ট্ৰাকত বস্তাই বস্তাই উদ্ধাৰ হৈছে অবৈধ বাৰ্মিজ চুপাৰি ৷ অসমৰ মাজেৰে বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ প্ৰসংগক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই বিভিন্ন কৌশলেৰে এই বেহা চলাই আছে সৰবৰাহকাৰীয়ে । বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ অব্যাহত ৰাখিছে অপৰাধী চক্ৰই ।
দুদিন পূৰ্বে অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান চলাই ট্ৰাকত গোপন চেম্বাৰ সাজি সৰবৰাহ কৰা অনা ২৫ কুইণ্টল বাৰ্মিজ চুপাৰি জব্দ কৰাৰ পিছতে আজি পুনৰ আৰক্ষীয়ে খটখটীত অভিযান চলাই এখন ট্ৰাকৰ পৰা ৫০ কুইন্টলতকৈ অধিক বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ।
প্ৰাপ্ত তথ্য অনুসৰি, খটখটী থানাৰ অন্তৰ্গত ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত খটখটী আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে শনিবাৰে পুৱা ৪.৩০ বজাত ডিমাপুৰৰ পৰা বোকাজানৰ দিশে আহি থকা পি বি ৬৫ এ এক্স ৭৪৪১ নম্বৰৰ ইটা পৰিবাহী ট্ৰাকখনত তালাচী চলায় । আৰক্ষীৰ উক্ত তালাচীত ট্ৰাকখনত গোপনে বাৰ্মিজ চুপাৰি সৰবৰাহ কৰাৰ সন্দেহ হোৱাত আৰক্ষীয়ে উক্ত বাৰচকীয়া ট্ৰাকখন খটখটী থানালৈ আনি চলোৱা নিশ্চিদ্ৰ তালাচীত ৭৪ টা বস্তাত ভৰাই অনা ৫০৬৬.২৮ কিলোগ্ৰাম বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ।