অসম

assam

By

Published : Dec 29, 2022, 8:52 AM IST

ETV Bharat / state

Burmese Supari seized: বোকাজানৰ চিমেণ্ট ফেক্টৰীৰ ভিতৰত জব্দ বাৰ্মিজ চুপাৰি

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাক ভেঙুচালি কৰি ৰাজ্যত দুষ্ট চক্ৰই অব্যাহত ৰাখিছে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ লগতে চুপাৰি সৰবৰাহৰ দৰে অনৈতিক কাৰ্য (Burmese supari syndicate) ৷ এইবাৰ বোকাজান আৰক্ষীয়ে বোকাজানৰ চিমেণ্ট ফেক্টৰীৰ ভিতৰত এখন ট্ৰাকৰ পৰা জব্দ কৰিছে 15 বেগ বাৰ্মিজ চুপাৰি ৷

Burmese Supari seized
ৰাজ্যত আকৌ সক্ৰিয় হৈছে চুপাৰি সৰবৰাহকাৰী চক্ৰ

ৰাজ্যত আকৌ সক্ৰিয় হৈছে চুপাৰি সৰবৰাহকাৰী চক্ৰ

ডিফু, 29 ডিচেম্বৰ : ৰাজ্যত বৰ্তমানেও সক্ৰিয় হৈ আছে অবৈধভাৱে বাৰ্মিজ চুপাৰি সৰবৰাহ কৰা অসাধু চক্ৰ ৷ নিতৌ ন ন কৌশল অৱলম্বন কৰি চক্ৰটোৱে উত্তৰ পূৰ্বাঞ্চলত অসাধু চক্ৰটোৱে চুপাৰি সৰবৰাহ কৰি আহিছে । অৱশ্যে আৰক্ষীয়েও অসাধু চক্ৰটোয়ে চলাই যোৱা এই অবৈধ ব্যৱসায় তথা সৰবৰাহ বন্ধ কৰাৰ লগতে চক্ৰটো উৎখাত কৰিবৰ বাবে চলাই আহিছে অভিযান ৷ এই অভিযানৰ মাজতে শেহতীয়াকৈ আৰক্ষীয়ে চিমেণ্ট ভৰ্তি এখন ট্ৰাকৰ পৰা জব্দ কৰিলে বহু পৰিমানৰ বাৰ্মিজ চুপাৰি ৷

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মঙলবাৰে নিশা আৰক্ষীৰ এটা দলে অভিযান চলাইছিল কাৰ্বি আংলঙৰ বোকাজান বিলাতী মাটিৰ কাৰখানাৰ চৌহদৰ ভিতৰত । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে আৱৰি থকা বিলাতী মাটিৰ কাৰখানাটোৰ চৌহদৰ ভিতৰত থকা এখন চিমেণ্ট ভৰ্তি ট্ৰাকৰ পৰা বোকাজান আৰক্ষীয়ে জব্দ কৰে 15 বেগ বাৰ্মিজ চুপাৰি (Burmese Supari seized at Bokajan) ৷ লগতে আৰক্ষীয়ে আটক কৰিলে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক ৷

জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে NL01 AH 8740 ৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, নাগালেণ্ডৰ পৰা উক্ত ট্ৰাকখনত কঢ়িয়াই আনা হৈছিল জব্দকৃত চুপাৰিখিনি আৰু তাৰ পিচত ফেক্টৰী চৌহদত ট্ৰাকখনত উঠোৱা হৈছিল চিমেণ্টৰ বেগ ৷ ইফালে গোপন সূত্ৰৰ তথ্যৰ আধাৰত বোকাজান আৰক্ষীয়ে চিমেণ্টভৰ্তি ট্ৰাকৰ তলত বাৰ্মিজ চুপাৰিখিনি ভৰাই সৰবৰাহৰ সম্ভেদ লাভ কৰে ৷ তাৰ পাচতে বোকাজান আৰক্ষীৰ এটা দলে ফেক্টৰী চৌহদৰ ভিতৰত অভিযান চলাই NL01 AH 8740 নম্বৰৰ চিমেণ্ট ভৰ্তি ট্ৰাকখনৰ পৰা জব্দ কৰে বাৰ্মিজ চুপাৰিখিনি ৷

লগতে পঢ়ক :Barmese supari seized in Guwahati: গুৱাহাটীত বাৰ্মিজ চুপাৰীসহ আটক বহুকেইটা সৰবৰাহকাৰী

এতিয়া প্ৰশ্ন হয়, কঠোৰ নিৰাপত্তা বেষ্টনীৰে আগুৰি থকাৰ পাচতো কেনেকৈ ফেক্টৰীটোৰ চৌহদত সোমাল চুপাৰীৰ ট্ৰাক ? আনকি স্থানীয় একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিছে যে, এনেদৰে অবৈধভাৱে চুপাৰি সৰবৰাহ কৰা কাৰ্যৰ লগত বোকাজান চিমেণ্ট ফেক্টৰীৰ কোনো বৰমূৰীয়াও জড়িত হৈ আছে নেকি ? যদিহে সেয়ে হয়, তেন্তে আৰক্ষীয়ে উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰক ৷

ইফালে বোকাজান চিমেণ্ট ফেক্টৰীৰ চিকিউৰিটি ইনচার্জৰ দায়িত্বত থকা বিপিন কুমাৰে ঘটনাক লৈ ইতিমধ্যে তদন্ত ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে ৷ অৱশ্যে বৰ্তমানেও সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত আছে ৷ অৱশ্যে চুপাৰি সৰবৰাহৰ এই ঘটনাৰ সৈতে কোন কোন জড়িত আছে সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

কিন্তু বোকাজান আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই ৷

লগতে পঢ়ক :Burmese Supari seized: আমগুৰিত বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাকসহ আটক সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details