ডিফু, ১৫ ডিচেম্বৰঃঅসম প্রশাসনিক সেৱাৰ বিষয়া তথা কার্বি আংলং জিলাৰ বােকাজান মহকুমাৰ কার্যবাহী দণ্ডাধীশ আহংবাম বেমথৈ চানুৰ মঙলবাৰে ডিমাপুৰত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় । অসম প্রশাসনিক সেৱাৰ যুৱ বিষয়াগৰাকীৰ অপ্রত্যাশিত তথা আকস্মিক মৃত্যুৰ বাতৰিয়ে সমগ্র বােকাজান মহকুমাৰ লগতে কার্বি আংলং জিলাতে গভীৰ শােকৰ ছাঁ পেলাইছে ।
প্রাপ্ত তথ্য অনুসৰি বিষয়াগৰাকীৰ বৃক্ক আৰু যকৃত সম্পূর্ণৰূপে বিকল হৈ পৰাৰ ফলতে উদ্যমী চৰকাৰী বিষয়াগৰাকীয়ে অকাল মৃত্যুক সাৱটি লবলগীয়া হয় । জানিব পৰা মতে দুদিন পূর্বে চানুৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি হােৱাৰ পিছতে তেওঁক ততালিকে ডিমাপুৰৰ নিক্ছ হাস্পতালত ভর্তি কৰোৱা হৈছিল । ইয়াৰ পিছতাে বিষয়াগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পৰিপ্রেক্ষিতত এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়াৰ সিদ্ধান্ত লােৱা হয় যদিও ইয়াৰ পূর্বেই বিষয়াগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।