অসম

assam

ETV Bharat / state

বহিঃৰাজ্যৰ আগ্ৰাসী লোকৰ বাবে কাৰ্বি আংলঙত উত্তেজনা - ৰাজহুৱা সভা

বহিঃৰাজ্যৰ আগ্ৰাসী লোকৰ বাবে কাৰ্বি আংলঙত অব্যাহত আছে উত্তেজনা ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি ৰাজহুৱা সভা অনুষ্ঠিত ৷ স্থানীয় বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ডাঃ মানছিং ৰংপি, কাৰ্বি পৰিষদৰ সীমান্ত উন্নয়ন সমিতিৰ অধ্যক্ষ ৰিচাৰ্ডচন হাঞ্চে উপস্থিত ৷

Border Conflict In Karbi Anglang
বহিঃৰাজ্যৰ আগ্ৰাসী লোকৰ বাবে কাৰ্বি আংলঙত উত্তেজনা

By

Published : Oct 3, 2020, 8:57 PM IST

ডিফু, 3 অক্টোবৰ :পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে শনিবাৰে তাপাত অঞ্চলত স্থানীয় ৰাইজ আৰু জনপ্ৰতিনিধিৰ মাজত গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷

বহিঃৰাজ্যৰ আগ্ৰাসী লোকৰ বাবে কাৰ্বি আংলঙত উত্তেজনা

উল্লেখ্য যে, পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত বিগত বহু সময় ধৰি মেঘালয়ৰ প্ৰশাসন বা মেঘালয়ৰ আগ্ৰাসনৰ অপচেষ্টা অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণ আৰক্ষী চকীৰ অন্তৰ্গত লাংকেৰই অঞ্চলত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ তাপাত আৰু খান্দুলি সংযোগী 11.33 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাত মেঘালয়ৰ পৰা অহা খাছী লোকে পথ নিৰ্মাণৰ সামগ্ৰী আৰু বনুৱাসকল থকা অস্থায়ী বাসগৃহ ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰাৰ লগতে নিৰ্মাণ কাৰ্য চলি থকা স্থানৰ পৰা ওভতাই পঠিয়াই ৷

বহিঃৰাজ্যৰ আগ্ৰাসী লোকৰ বাবে কাৰ্বি আংলঙত উত্তেজনা

লগতে পঢ়ক :ৰহস্যৰ আৱৰ্তত কৰিমগঞ্জৰ লংগাই নৈত উদ্ধাৰ হোৱা মৃতদেহৰ হত্যাকাণ্ড
উক্ত ঘটনাক লৈ সম্প্ৰতি তাপাত অঞ্চলত এক চেপা উত্তেজনা অব্যাহত আছে ৷ বিষয় সন্দৰ্ভত স্থানীয় বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ডাঃ মানছিং ৰংপি, কাৰ্বি পৰিষদৰ সীমান্ত উন্নয়ন সমিতিৰ অধ্যক্ষ ৰিচাৰ্ডচন হাঞ্চেৰ নেতৃত্বত তাপাত অঞ্চলৰ স্থানীয় লোকৰ সৈতে এখনি গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় আৰু সভাতেই ৰাইজক আতংকিত নহ’বলৈ অনুৰোধ কৰাৰ লগতে সীমান্তবাসী ৰাইজক একগোট হৈ থাকিবলৈ অনুৰোধ জনায় জনপ্ৰতিনিধি সকলে ৷

বহিঃৰাজ্যৰ আগ্ৰাসী লোকৰ বাবে কাৰ্বি আংলঙত উত্তেজনা

উল্লেখযোগ্য যে, উক্ত ঘটনাত মেঘালয় প্ৰশাসন জড়িত নাই বুলি উল্লেখ কৰিছে বিধায়ক মানছিং ৰংপিয়ে ৷

লগতে পঢ়ক :হাথৰস কাণ্ডৰ বিৰুদ্ধে নগাঁৱত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details