অসম

assam

জীৱন বীথিকা তিলকান্ত ফুকন শীৰ্ষক গ্ৰন্থ উন্মোচন

By

Published : Nov 16, 2020, 10:44 PM IST

সোমবাৰে ডিফুৰ ৰাংছিনা ভৱনত ‘জীৱন বীথিকা তিলকান্ত ফুকন’ নামেৰে অভিনন্দন গ্ৰন্থ উন্মোচন ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙৰ ৷ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা অসম ভলীবল সন্থাৰ প্ৰাক্তন সম্পাদক তিলকান্ত ফুকনৰ বৰ্ণময় জীৱনক লৈ লিখা হৈছে এই গ্ৰন্থখন ৷

book released in diphu
ডিফুত গ্ৰন্থ উন্মোচন

ডিফু,16 নৱেম্বৰ : ডিফুৰ ৰাংছিনা ভৱনত সোমবাৰে এখন বিশেষ গ্ৰন্থ উন্মোচন কৰে ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙে । কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা অসম ভলীবল সন্থাৰ প্ৰাক্তন সম্পাদক তিলকান্ত ফুকনৰ বৰ্ণময় জীৱনক লৈ লিখা ‘জীৱন বীথিকা তিলকান্ত ফুকন’ নামেৰে অভিনন্দন গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ।

ডিফুত গ্ৰন্থ উন্মোচন

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা । জীৱন বীথিকাৰ মধ্যমণি তিলকান্ত ফুকনৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰি পদ্মশ্ৰী ৰংবং তেৰাঙে তিলকান্ত ফুকনক এক ‘জীৱন্ত কিংবদন্তি’ আখ্যা দি কয় যে, ‘‘ফুকনৰ অৱদান হাওৰাঘাট, কাৰ্বি আংলঙৰ লগতে অসমৰ বুকুতো চিৰদিনলৈ জিলিকি ৰ’ব’’ ।

ডিফুত গ্ৰন্থ উন্মোচন

তিলকান্ত ফুকনে নিজৰ ভাষণ প্ৰসংগত গ্ৰন্থখনৰ সম্পাদক ভৱপ্ৰসাদ দেউৰী আৰু সহযোগী সম্পাদক কৰবী ডেকা ফুকনক কৃতজ্ঞতা জ্ঞাপন কৰে । আনহাতে নিজৰ পিতৃৰ জীৱনজোৰা সাধনাক জীৱিত অৱস্থাত এক গ্ৰন্থৰ ৰূপ দিবলৈ সক্ষম হোৱাৰ বাবে উৎফুল্লিত হৈ পৰে ফুকনৰ বৰ জীয়ৰী কৰবী ডেকা ফুকন ।

লগতে পঢ়ক :কালীপূজা অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details