অসম

assam

ETV Bharat / state

Book inauguration at Diphu: ডিফুত দুখনকৈ গ্ৰন্থৰ উন্মোচন কৰিলে পদ্মশ্ৰী ৰংবং তেৰাঙে - সাহিত্য মাদকতাৰ পয়োভৰ

শুক্ৰবাৰে ডিফুত প্ৰয়াত সাহিত্যিক ড৹ ফুকন চন্দ্ৰ ফাংছ’ৰ জীৱনীৰ আধাৰত একে নামেৰে ৰচিত গ্ৰন্থ আৰু অসম সাহিত্য সভাৰ জয়ছিং হাঞ্চে বঁটাপ্ৰাপক টংক কোঁৱৰৰ ‘‘লংকিহঁতৰ কেংলংপ’’ শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰা হয় ৷ এই গ্ৰন্থ দুখন উন্মোচন কৰে পদ্মশ্ৰী ৰংবং তেৰাঙে (Rongbong Terang inaugurated two books at Diphu)৷

Book inauguration program held at Diphu
প্ৰয়াত সাহিত্যিক ড৹ ফুকন চন্দ্ৰ ফাংছ’ জীৱনী উন্মোচন

By

Published : Jan 6, 2023, 6:54 PM IST

প্ৰয়াত সাহিত্যিক ড৹ ফুকন চন্দ্ৰ ফাংছ’ জীৱনী উন্মোচন

ডিফু, ৬ জানুৱাৰী :পাহাৰীয়া জিলা কাৰ্বি আংলঙত পুনৰ সাহিত্যৰ মাদকতাৰ পয়োভৰ ৷ শুক্ৰবাৰে জিলাখনৰ ৰাংছিনা ছাৰপ’ সাংস্কৃতিক ভৱনত বিশিষ্ট সাংবাদিক তথা শিক্ষক মুন কুমাৰ ডেকাৰ সম্পাদনাত প্ৰয়াত সাহিত্যিক তথা কাৰ্বি আংলঙৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী ড৹ ফুকন চন্দ্ৰ ফাংছ’ৰ জীৱনীৰ আধাৰত একে নামেৰে ৰচিত গ্ৰন্থ আৰু বিশিষ্ট কবি-সাহিত্যিক তথা অসম সাহিত্য সভাৰ জয়ছিং হাঞ্চে বঁটাপ্ৰাপক টংক কোঁৱৰৰ ‘‘লংকিহঁতৰ কেংলংপ’’ শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰা হয় (Book inauguration program held at Diphu) ৷

জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটি কন্ঠশিল্পী প্লাবিতা বৰদলৈৰ সুৱলা কন্ঠৰে শুভাৰম্ভণি কৰা হয় ৷ ইয়াৰ পিচতেই ড৹ ফুকন চন্দ্ৰ ফাংছ’ৰ আত্মজীৱনীখনৰ প্ৰকাশক তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ’ৱে কয়, ‘‘ফাংছ’ ছাৰক মই মাত্ৰ এদিনৰ বাবেহে লগ পাইছিলো ৷

তেওঁ ৰং-তুলিকাৰে কাৰ্বি জনগোষ্ঠীৰ জীৱন-ইতিহাসৰ প্ৰতিছবি দাঙি ধৰিবলৈ প্ৰয়াস কৰিছিল ৷ লগতে কেংলংপ’ নামৰ জীৱবিধৰ প্ৰতিছবিও অংকণ কৰিবলৈও সক্ষম হোৱাৰ পিচতেই সমগ্ৰ কাৰ্বি ৰাইজে জীৱবিধৰ আকৃতিৰ বিষয়ে জানিবলৈ সক্ষম হৈছিলো’’ ৷

তাৰোপৰি, স্বনামধন্য সাহিত্যিকগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে উদীয়মান যুৱনেতাগৰাকীয়ে ৷ গ্ৰন্থখনিৰ সম্পাদনাৰ দায়িত্বত থকা মুন কুমাৰ ডেকাৰ বিষয়ে বিভিন্ন সময়ত সাহিত্য-সংস্কৃতিৰ দিশত আগবাঢ়ি যোৱাৰ কথা প্ৰকাশ কৰি উচ্চ প্ৰশংসাৰে ওপচাই দিয়ে ৷

লগতে পঢ়ক :Me Dam Me Phi: দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিৱসাগৰত মে-ডাম-মে-ফি অনুষ্ঠান

অনুষ্ঠানত মুন কুমাৰ ডেকাই ড৹ ফুকন চন্দ্ৰ ফাংছ’ শীৰ্ষক গ্ৰন্থখনি প্ৰকাশৰ অন্তৰালৰ কাহিনী আৰু অভিজ্ঞতা প্ৰকাশ কৰে ৷ তাৰোপৰি, ‘‘লংকিহঁতৰ কেংলংপ’’ গ্ৰন্থখনিৰ ৰচক টংক কোঁৱৰে ভাষণ প্ৰসংগত কয়, ‘‘মই সমাজখন পিঠিফালে ৰাখি নিজৰ কামখিনি সন্মুখনত ৰাখি আগবাঢ়ি যাওঁ ৷ কেংলংপ নামৰ গ্ৰন্থখনিৰ কাহিনীটিও তেনেদৰেই আগবাঢ়ি গৈছে ৷ গ্ৰন্থখন আপোনালোকে পঢ়িব, যদি ভাল লাগে আনক ক’ব আৰু যদি বেয়া লাগে তেন্তে মোক ক’ব’’ ৷

সমান্তৰালকৈ এই গ্ৰন্থ উন্মোচনী সভাত ফুকন চন্দ্ৰ ফাংছ’ সান্নিধ্য লাভ কৰা সাহিত্যিক চিকাৰী তিছ’, পবিত্ৰ বৰা আৰু ধনেশ্বৰ ইংতিয়ে বিভিন্ন অভিজ্ঞতাৰ কথা প্ৰকাশ কৰে ৷ গ্ৰন্থ দুখনিৰ উন্মোচক তথা স্বনামধন্য সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙে ভাষণত কয় যে শ্বিলঙৰ বিলাসী চাকৰি ত্যাগ কৰি পাহাৰীয়া জিলাখনত উচ্চশিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁ নিজকে অৰ্পণ কৰিছিল ৷

সমান্তৰালকৈ কাৰ্বি জনাগোষ্ঠীৰ জনজীৱনৰ প্ৰতিছবি বিভিন্ন প্ৰকাৰে দাঙি ধৰিবলৈ প্ৰয়াস কৰিছিল বুলিও প্ৰকাশ কৰে তেৰাঙে ৷ অনুষ্ঠানত ফুকন চন্দ্ৰ ফাংছ’ৰ জীৱনী সুঁৱৰি আৱেগিক হৈ পৰা বিশিষ্ট সাহিত্যিক তেৰাঙে অনুষ্ঠানত সাৱলীল ভাষণ প্ৰদান কৰে (Padmashree Rongbong Terang) ৷

গ্ৰন্থ উন্মোচন বা সাহিত্যৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে উন্মোচক বিশিষ্ট সাহিত্যিক তথা পদ্মশ্ৰী ৰংবং তেৰাং, জ্যেষ্ঠ সাহিত্যিক-সাংবাদিক নগেন বৰা, কাৰ্যবাহী সদস্যদ্বয় প্ৰভাত চন্দ্ৰ তাৰ’, মধুৰাম লেকথে, পাৰিষদ তিলোত্তমা হাষ্ণু, সাহিত্যিক টংক কোঁৱৰ, চিকাৰী তিছ’, হাংমিজি হাঞ্চে, ছাৰেৎ হাঞ্চে, পবিত্ৰ বৰা, পদ্মশ্ৰী ধনেশ্বৰ ইংতিৰ লগতে একাংশ সাহিত্যচৰ্চাৰ লগত জড়িত কেবাগৰাকীও লোক ৷

উক্ত অনুষ্ঠানতে প্ৰকাশক প্ৰভাত চন্দ্ৰ তাৰ’ৰ সাহিত্যৰ ওপৰত থকা দখল প্ৰত্যক্ষ কৰি পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে তাৰ’ক আমি ৰাজনীতিৰ মঞ্চৰ সমান্তৰালকৈ সাহিত্য সভাৰ মঞ্চতো জিলিকি থকাটো কামনা কৰিছো বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক :Bhanu Samiti Golden Jubilee: কলিয়াবৰত ভানু সমিতিৰ সোণালী জয়ন্তী উদ্বোধন সাংসদ গৌৰৱ গগৈৰ

ABOUT THE AUTHOR

...view details