ডিফু, ২০ অক্টোবৰ : অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত গুণগত শিক্ষাৰ প্ৰসাৰ কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগে গ্ৰহণ কৰিলে আন এক প্ৰশংসনীয় পদক্ষেপ (Education Department of Karbi Anglong AC) ।
বৃহস্পতিবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ চৌহদত পৰিষদৰ শিক্ষা বিভাগে এক বিশেষ অনুষ্ঠানৰ যোগেদি পাৰ্বত্য জিলা দুখনৰ চাৰিগৰাকীকৈ প্ৰাথমিক শিক্ষা বিষয়াক মুঠ চাৰিখন বলেৰ' বাহন আনুষ্ঠানিকভাৱে বিতৰণ কৰে (Bolerao car to Karbi Anglong Education Officer) ।
বাহনকেইখন আনুষ্ঠানিকভাৱে বিতৰণ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে । আনহাতে, বাহনসমূহৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠানৰ দ্বৈতভাৱে ফ্লেগ-অফ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং আৰু পৰিষদৰ ৰিভাগীয় ইএম ৰিচাৰ্ড টকবীয়ে ।
উক্ত অনুষ্ঠান সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে (Karbi Anglong CEM Tuliram Ronghang) কয় যে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দুৰ্গম এলেকাসমূহ পৰিদৰ্শন কৰি গুণগত শিক্ষা ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলক বাহনসমূহ প্ৰদান কৰা হৈছে ।