অসম

assam

By

Published : Jul 21, 2020, 10:40 PM IST

ETV Bharat / state

চলন্ত টেংকাৰৰ চকা খুলি আহত দুই মহিলা

বকলীয়াঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চলন্ত টেংকাৰৰ খুলি যোৱা চকাই মহতিয়ালে দুই মহিলাক ৷ গুৰুতৰভাৱে আহত দুই মহিলা ৷

Bokoliaghat tanker accident, two lady injured
Bokoliaghat tanker accident, two lady injured

ডিফু, 21 জুলাই :মঙলবাৰে বিয়লি প্ৰায় পাঁচ বজাত বকলীয়াঘাট নগৰ এলেকাৰ অন্তর্গত ইটাভাটাত সংঘটিত হয় এক শোকাৱহ পথ দুর্ঘটনা ৷ চলন্ত টেংকাৰৰ পৰা খুলি যোৱা চকাই মহতিয়াই নিয়ে দুগৰাকী মহিলাক ৷ ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় এক নং উদালি গাঁৱৰ বীণা শইকীয়া (54) আৰু সামেশনী দেৱী (60) নামৰ মহিলা দুগৰাকী ৷

চলন্ত টেংকাৰৰ খুলি যোৱা চকাই মহতীয়ালে দুই মহিলাক

ঘটনাৰ বিৱৰণী অনুসৰি,36 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা এখন দহচকীয়া তেল পৰিবাহী টেংকাৰৰ এটা চকা খুলি গৈ উক্ত সময়তে উক্ত পথেৰে আহি পকা দুগৰাকী মহিলাক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত দুয়োগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় ।

চলন্ত টেংকাৰৰ খুলি যোৱা চকাই মহতীয়ালে দুই মহিলাক

আহত দুয়োগৰাকী মহিলাকে লগে লগে বকলীয়াঘাটি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত অতি গুৰুতৰ হোৱাৰ বাবে দুয়োকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় । ইয়াৰে বীণা দেৱীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।

লগতে চাওক-লংকাৰ এটা কোৱাৰেন্টাইন চেন্টাৰত ঘটিল আজৱ কাণ্ড

ABOUT THE AUTHOR

...view details