অসম

assam

ETV Bharat / state

বহুজনৰ প্ৰেৰণাৰ উৎস অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰী লুহিতা নায়ক

অসম বিশ্ববিদ্যালয়ত বোকাখাটৰ লুহিতা নায়কৰ কৃতিত্ব ৷ আৰ্থিক দূৰৱস্থাৰ পাহাৰ ভেদি অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰে ছাত্ৰ গৰাকীয়ে ৷

bokakhat girl luhita tops assam university exam in assamese department
বহুজনৰ প্ৰেৰণাৰ উৎস অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰী লুহিতা নায়ক !

By

Published : Aug 30, 2021, 10:48 PM IST

Updated : Aug 31, 2021, 7:13 AM IST

ডিফু, ৩০ আগষ্ট :অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অসমীয়া বিভাগৰ ছাত্ৰী লুহিতা নায়কে অসমীয়া বিষয়ত লাভ কৰিছে সৰ্বোচ্চ নম্বৰ ৷ উল্লেখযোগ্য যে, যোৱা জুলাই মাহত অনুষ্ঠিত অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সৰ্বোচ্চ নম্বৰ লাভ কৰি এই কৃতিত্বৰ গৰাকী হয় ছাত্ৰী গৰাকী ৷ যোৱা ২৬ জুলাইত এই ফলাফল ঘোষণা কৰা হয় ৷

মুঠ ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উক্ত পৰীক্ষাত অৱতীৰ্ণ হয় ৷ আনহাতে, লুহিতাই ৭৪ শতাংশ নম্বৰ লাভ কৰে ৷ লুহিতা নায়ক গোলাঘাট জিলাৰ বোকাখাতৰ বৰচাপৰি চাহ বাগিছাৰ নিবাসী ৷ জানিব পৰা মতে, আৰ্থিকভাৱে দূৰ্বল হোৱাৰ হেতুকে লুহিতাৰ পিতৃয়ে লুহিতাক অৰ্থৰ অভাৱত উচ্চশিক্ষা গ্ৰহণৰ সুবিধা দিব পৰা নাছিল ৷

কিন্তু বোকাখাতৰ দুগৰাকী বহলমনা ব্যক্তি ক্ৰমে, মহাবীৰ প্ৰসাদ আগৰৱালা আৰু নলো আচাৰ্যই আৰ্থিকভাৱে সাহায্য কৰি লুহিতাৰ উচ্চ শিক্ষাৰ স্বপ্ন পূৰ কৰে ৷

নিজৰ অদম্য হেঁপাহৰ বাবেই তেওঁ এই কৃতিত্বৰ অধিকাৰী হ’বলৈ পাইছে বুলি সাংবাদিকৰে সৈতে বাৰ্তালাপত উল্লেখ কৰে লুহিতা নায়কে ৷ অদূৰ ভৱিষ্যতে লুহিতাই এগৰাকী সফল গৱেষক হোৱাৰ সপোন পুহি ৰাখিছে বুলি জানিবলৈ দিছে ৷ লুহিতা নায়ক বোকাখাতৰ বৰচাপৰি চাহ বাগিচাৰ মানা নায়ক আৰু সুমিত্ৰা নায়কৰ কন্যা ৷

লগতে পঢ়ক :গুৱাহাটীত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

Last Updated : Aug 31, 2021, 7:13 AM IST

ABOUT THE AUTHOR

...view details