অসম

assam

ETV Bharat / state

Narcotic products seized: বোকাজানত ড্ৰাগছ; কলিয়াবৰত অবৈধ বিলাতী সুৰা জব্দ - সন্দেহযুক্ত হেৰ’ইন জব্দ

বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খাকৰাজানত প্ৰায় ২.৫ কোটি টকা মূল্যৰসন্দেহযুক্ত হেৰ’ইন জব্দ (Narcotic products seized) ৷ লগতে কলিয়াবৰত আৰক্ষীৰ-অভিযানত কাৰ্টুনে কাৰ্টুনে জব্দ বিলাতী সুৰা (Illegal liquor seized) । কুম্ভকৰ্ণ নিদ্ৰাত আৱকাৰী বিভাগ ৷

Narcotic products seized
Narcotic products seized

By

Published : Jul 20, 2022, 10:40 PM IST

ডিফু/কলিয়াবৰ, 20 জুলাই: কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা অন্তৰ্গত বৰপথাৰ আৰক্ষী থানাৰ খাকৰাজানত সন্দেহযুক্ত হেৰ’ইন সহ আৰক্ষীৰ জালত পৰিছে সৰবৰাহকাৰী (Drugs seized in Bokajan) ৷ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খাকৰাজানত নাকা তালাচীত উদ্ধাৰ হয় হেৰ’ইনখিনি ৷ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলিছিল তালাচী অভিযান ৷ NL 07 EB 0556 নম্বৰৰ এখন স্কুটীত লুকুৱাই আনিছিল হেৰ’ইনখিনি ৷

৩০টা চাবোনৰ বাকচত ৩২৩ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Bokajan police seized huge amount of suspected heroine) ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ অভিযোগত নেত্ৰ বাহাদুৰ সোনাৰ নামৰ ডিমাপুৰৰ সৰবৰাহকাৰীটোক আটক কৰিছে ৷ জব্দকৃত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ২.৫ কোটি টকা হ’ব বুলি সন্দেহ কৰা হৈছে ৷

বোকাজানত ড্ৰাগছ; কলিয়াবৰত অবৈধ বিলাতী সুৰা জব্দ

ইফালে আৱকাৰী বিভাগৰ আৰ্শীবাদত কলিয়াবৰৰ গ্ৰামাঞ্চলত এতিয়া সুলভ হৈ পৰিছ সুৰাৰ অবৈধ বেহা (Illegal liquor business)৷ বুধবাৰে বিয়লি উলুৱনি আৰক্ষী আৰু চুলুঙ আৰক্ষীৰ যৌথ অভিযানত জব্দ বুজন পৰিমাণৰ সুৰা ।

আৰক্ষীৰ অভিযানত উলুৱনী গাঁৱৰ বিশ্বজিৎ লাঙী ওৰফে জান নামৰ অবৈধ সুৰা ব্যৱসায়ীজনৰ ঘৰৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ সুৰা । প্ৰায় এক লক্ষাধিক টকাৰ বিলাতী সুৰাৰ কাৰ্টন জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে । আৱকাৰী বিভাগৰ নিৰৱ ভূমিকাৰ সুযোগ লৈ বিগত বহু বছৰ ধৰি ঘৰৰ পৰা অবৈধভাৱে সুৰাৰ পাইকাৰী ব্যৱসায় চলাই আহিছে বিশ্বজিৎ লাঙী ওৰফে জানে ।

লগতে পঢ়ক:Rangia Child Kidnap: ৰঙিয়াত 9 বছৰীয়া কণমানি ৰহস্যজনৰ অপহৰণৰ ঘটনা

ABOUT THE AUTHOR

...view details