ডিফু, 17 ফেব্ৰুৱাৰী : মঙলবাৰে নিশা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়াই এক গোপন সূত্ৰৰ পম খেদি বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ অমৰাজানৰ ভাৰত পেট্ৰ'ল পাম্পত ৰৈ থকা অৱস্থাত এনএল-০১-এডি-৩৪৮৬ আৰু এনএল-০১-এডি-৫৮৩৫ নম্বৰৰ দুখন মালবাহী ট্ৰাকৰ পৰা দুটা চাবোনৰ বাকচত জব্দ কৰা হয় প্ৰায় 25 গ্ৰাম হেৰ’ইন ৷ লগতে, ট্ৰাক ড্ৰাইভাৰ উমাকান্ত সিঙকো আটক কৰে আৰক্ষীয়ে ।
আটকাধীন ট্ৰাক চালকজনৰ ঘৰ মণিপুৰৰ লিৰিলবাং আৰক্ষী থানাৰ অন্তৰ্গত কেইৰাও গাঁৱত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে, উক্ত স্থানত আৰক্ষী গৈ পোৱাৰ সম্ভেদ লাভ কৰি আনটো সৰবৰাহকাৰী ট্ৰাক ড্ৰাইভাৰ পলাই সাৰিবলৈ সক্ষম হয় ।