অসম

assam

By

Published : Sep 23, 2019, 1:17 PM IST

ETV Bharat / state

বোকাজানত ৰাইজৰ ৰোষত ভুৱা সাংবাদিক

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাত একাংশ ভুৱা সাংবাদিকে বিভিন্ন অনৈতিক কাৰ্যৰে ৰাইজৰ মাজত দৌৰাত্ম চলাই আহিছে ৷ তেনে দুজন ভণ্ড সাংবাদিক ৰাইজৰ ৰোষত পৰি আলহী হ'ল ৰঙাঘৰৰ ৷

বোকাজানত ৰাইজৰ ৰোষত ভুৱা সাংবাদিক

বোকাজান, 23 ছেপ্টেম্বৰঃ কাৰ্বি আংলংৰ বোকাজানত দিনক দিনে বৃদ্ধি পাইছে একাংশ তথাকথিত ভুৱা সাংবাদিকৰ দপদপনি ৷ বিগত কিছুদিনৰ পৰা মহকুমাটোৰ বিভিন্ন গৈ বাতৰি পৰিৱেশনেৰে দৌৰাত্ম্য চলাই অহা দুজন ভুৱা সাংবাদিকক সোমবাৰে লপা-থপা দি আৰক্ষীক গতাই দিয়ে চিলনীজানৰ একাংশ ব্যৱসায়ী তথা স্থানীয় ৰাইজে ৷ ঘটনা অনুসৰি, দেওবাৰে AS-09G-1089 নম্বৰৰ এখন ইনভা গাড়ীৰে স্বয়ম্ভু সাংবাদিকৰ দলটোৱে চিলনীজানস্থিত প্ৰতিখন লাইন হোটেলৰ পৰা ৫০০ টকাকৈ দাবী কৰাৰ লগতে মাহেকীয়া হিচাপেও ধন আদায় দিবলৈ ভাবুকি দিয়ে ৷ ইয়াৰ পিছতে চাৰিজনীয়া সাংবাদিকৰ দলটোৱে এখন হোটেলত আহাৰ গ্ৰহণ কৰি বিল আদায় কৰিবলৈ অমান্তি হয় ৷ ইফালে হোটেলৰগৰাকীয়ে খাদ্যৰ লগত আপ্যায়ন কৰা সুৰাৰ বাবে ওলোটাই হোটেল পৰিচালনাৰ দায়িত্বত থকা মহিলা এগৰাকীকেই সুৰা বিক্ৰী কৰাৰ বাবে ধনৰ লেন-দেন কৰাৰ প্ৰস্তাৱ দিয়ে ৷ প্ৰস্তাৱ অগ্ৰাহ্য কৰাত দলটোৱে নিজকে ৰাজ্যখনৰ এটা বিশেষ নিউজ চেনেলৰ সাংবাদিক বুলি পৰিচয় দি হোটেলখনত অভিযান চলোৱা,বাতৰি পৰিৱেশন কৰাৰ ভাবুকি প্ৰদানেৰে 500 টকা আদায় কৰি লয় ৷

পিচত দলটোৰ ওপৰত সন্দেহ হোৱাত পৰিস্থিতি ক্ৰমশ বেয়াৰ ফালে ঢাল খোৱাত স্থানীয় ৰাইজ আৰু ব্যৱসায়ীসকলে দলটোক সোধ-পোছ কৰি আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৱিত্ৰপ্ৰাণ বৰা আৰু গোপী পালনামৰ দুজন স্বয়ম্ভু সাংবাদিকক আটক কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে গাড়ীখনৰ চালক আৰু সহযোগী হিচাপে থকা লিটন ডে নামৰ যুৱক দুজন পলাই সাৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে এই দলটোৰ লগতে আন একাংশ তথাকথিত সাংবাদিকেও অসম নগালেণ্ড সীমান্তৰ লাহৰীজানত বহুদিনৰ পৰা ধন দাবীৰে সম্প্ৰতি সন্ত্ৰাস চলাই ব্যতিব্যস্ত কৰি আহিছে ৷ আনকি স্থানীয় সংবাদ সেৱীৰ নামত অন্যান্য প্ৰান্তৰ একাংশ যুৱকেও চাকৰিৰ বদলিকৰণৰ দৰে বোকাজানত বাহৰ পাতি সমাজসেৱকৰ মুখা পিন্ধি এনে অনৈতিক কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে ৷

বোকাজানত ৰাইজৰ ৰোষত ভুৱা সাংবাদিক

ABOUT THE AUTHOR

...view details