পুনৰ নির্যাতিত নাবালিকা! - নির্যাতিত নাবালিকা
সুযোগ বুজি কিশোৰী গৰাকী সেই স্থানৰ পৰা পলায়ন কৰে আৰু ঘৰত মাতৃৰ আগত সমগ্ৰ ঘটনা বিৱৰি কয় । তাৰ পাছতেই সমগ্ৰ ঘটনাৰ খবৰ অঞ্চলটোত বিয়পি পৰাত স্থানীয় ৰাইজে দেৱ তাঁতীক ঘৰৰ পৰা আনি ৰাইজে উত্তম মাধ্যম দি বোকাজান আৰক্ষীক গতাই দিয়ে ।
কাৰ্বি আংলং, 28 জুনঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে নাবালিকা নিৰ্যাতনৰ ঘটনা । বোকাজানৰ নাওঘাট অঞ্চলত সংঘটিত হৈছে এই ঘটনা । এগৰাকী ৯ বছৰীয়া কিশোৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ দেৱ তাঁতী নামৰ এজন যুৱকে । ঘটনা সন্দৰ্ভত কিশোৰী গৰাকী আবেলি ভাগত বিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি আহি থকা অৱস্থাত দেৱ তাঁতী নামৰ যুৱকজনে কিশোৰী গৰাকীক পথৰ পৰা টানি লৈ নিৰ্জন ঠাইত প্ৰাণে মৰাৰ ভাবুকি দি শাৰীৰিক নিৰ্যাতন চলাই । সুযোগ বুজি কিশোৰী গৰাকী সেই স্থানৰ পৰা পলায়ন কৰে আৰু ঘৰত মাতৃৰ আগত সমগ্ৰ ঘটনা বিৱৰি কয় । তাৰ পাছতেই সমগ্ৰ ঘটনাৰ খবৰ অঞ্চলটোত বিয়পি পৰাত স্থানীয় ৰাইজে দেৱ তাঁতীক ঘৰৰ পৰা আনি ৰাইজে উত্তম মাধ্যম দি বোকাজান আৰক্ষীক গতাই দিয়ে । বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।