ডিফু, 13 জুনঃ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ চিমেণ্ট উদ্যোগ, বোকাজান চিমেণ্ট ফেক্টৰীৰ সম্প্ৰসাৰন নোহোৱাৰ বাবে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই ৷ ম্যাদ উকলি যোৱা বোকাজান চিমেণ্ট ফেক্টৰীৰ উৎপাদন ক্ষমতা বৃদ্ধি আৰু সম্প্ৰসাৰণৰ বাবে ২০১১ চনতেই আৱন্তিত হৈছিল ১৪২.৫ কোটি টকা আৰু ২০১৩ বৰ্ষৰ ভিতৰত নিৰ্মাণ কাৰ্য শেষ কৰাৰ কথা আছিল ৷ কিন্ত আজিপৰ্যন্ত ৫০ শতাংশও কাম হৈ নুঠিল উদ্যোগটোৰ । যাৰ বাবে আজি আছু য়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই সম্পৰ্কে স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰীলৈ ৷
বোকাজান বিলাতী মাটিৰ কাৰখানাৰ সন্মুখত আছুৰ প্ৰতিবাদ - ২০১৩ বৰ্ষৰ ভিতৰত নিৰ্মাণকাৰ্য শেষ কৰাৰ কথা
২০১১ চনতেই আৱন্তিত হৈছিল ১৪২.৫ কোটি টকা আৰু ২০১৩ বৰ্ষৰ ভিতৰত নিৰ্মাণকাৰ্য শেষ কৰাৰ কথা আছিল ৷ কিন্ত আজিপৰ্যন্ত ৫০ শতাংশও কাম হৈ নুঠিল উদ্যোগটোৰ ।
![বোকাজান বিলাতী মাটিৰ কাৰখানাৰ সন্মুখত আছুৰ প্ৰতিবাদ বোকাজান বিলাতী মাটিৰ কাৰখানাৰ সন্মুখত আছুৰ প্ৰতিবাদ, প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7594013-634-7594013-1591997589334.jpg)
বোকাজান বিলাতী মাটিৰ কাৰখানাৰ সন্মুখত আছুৰ প্ৰতিবাদ, প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ
বোকাজান বিলাতী মাটিৰ কাৰখানাৰ সন্মুখত আছুৰ প্ৰতিবাদ
উল্লেখযোগ্য যে, সম্প্ৰসাৰণৰ প্ৰক্ৰিয়া যদি সম্পূৰ্ণ হয় তেন্তে, ফেক্টৰীৰ পৰা নিৰ্গত ধূলি বন্ধ হোৱাৰ লগতে স্থানীয় যুৱক-যুৱতীয়ে লাভ কৰিব নিযুক্তি ৷
লগতে পঢ়কঃবাঘজানৰ জুই : আমেৰিকা আৰু কানাডাৰ পৰা আহিল বিশেষজ্ঞৰ দল