ডিফু, ৬ অক্টোবৰ: ডিফু-দলদলী ৰে’লপথত বুধবাৰে নিশা উদ্ধাৰ হৈছে এটা ক্ষত-বিক্ষত মৃতদেহ (Body recovered in Diphu Daldali railway line) ৷ ডিফু ৰে’ল আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মণি মেছে জনোৱা মতে, বুধবাৰে নিশা ডিফু-দলদলী ৰে’লপথৰ দলদলীৰ সমীপত এটি অচিনাক্ত লোকৰ মৃতদেহ ক্ষত-বিক্ষত অৱস্থাত ৰে’লপথত পৰি থকাৰ খবৰ লাভ কৰিছিল ৷
ৰে’লে মহতিয়াই নিয়াৰ ফলত ক্ষত-বিক্ষত অৱস্থাত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ডিফুলৈ লৈ আনে ৷ পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিতিত এই অচিনাক্ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰেৰণ কৰা হয় ৷