অসম

assam

ETV Bharat / state

হাওৰাঘাটৰ ৰংকুটত নলাত উদ্ধাৰ ক'ভিড আক্ৰান্তৰ মৃতদেহ

হাওৰাঘাটৰ ৰংকুটত ক'ভিড আক্ৰান্তৰ মৃতদেহ নলাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত ৷ মৃত অনন্ত কালবাৰ নামৰ ৰোগীজন ১১ জুনৰ পৰা ক’ভিডত আক্ৰান্ত হোৱাত হোম কোৱাৰেণ্টাইন(Home quarantine) হৈ আছিল ৷

Howrahghat Thana
হাওৰাঘাটৰ ৰংকুটত নলাত উদ্ধাৰ ক'ভিড আক্ৰান্তৰ মৃতদেহ

By

Published : Jun 16, 2021, 12:20 PM IST

ডিফু, 16 জুন :কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ ৰংকুটত চাঞ্চল্যৰ ঘটনা ৷ হাওৰাঘাট থানা(Howrahghat Thana)ৰ অন্তৰ্গত ৰংকুট চৌহান বস্তিত সোমবাৰে পুৱা ক'ভিড ১৯ত আক্ৰান্ত এজন লোকৰ মৃতদেহ নলাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

ঘটনাৰ বিৱৰণ অনুসৰি ৰংকুট চৌহান বস্তিৰ গবিন্দৰাম কালবাৰৰ পুত্ৰ অনন্ত কালবাৰ (৪৩)ৰ দেহত ১১ জুন তাৰিখে ক'ভিড ১৯ৰ উপস্থিতি নিশ্চিত হৈছিল আৰু চিকিৎসকৰ পৰামৰ্শ মতে হোম কোৱাৰেণ্টাইন(Home quarantine)ত আছিল ৷ কিন্তু দেওবাৰে নিশা অনন্ত কালবাৰ শৌচালায়লৈ যোৱাৰ পিছতে সন্ধানহীন হয় ৷ লোকজন ৰাতিৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে যদিও বিচাৰি নাপায় ৷

হাওৰাঘাটৰ ৰংকুটত নলাত উদ্ধাৰ ক'ভিড আক্ৰান্তৰ মৃতদেহ

উল্লেখ্য যে, সোমবাৰে পুৱা গাঁওখনৰ কেইজনমান লোকে মৎস্য চিকাৰৰ বাবে যোৱাৰ সময়তে এটা নলাত অনন্ত কালবাৰৰ মৃতদেহটো উবুৰি খাই পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পিচত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা(Post mortem examination)ৰ বাবে ডিফুলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয় ৷

লগতে পঢ়ক : মাত্ৰ দহ দিনৰ ভিতৰতে চাবুৱাত পুনৰ মুন্নাভাইৰ আবিৰ্ভাৱ

ABOUT THE AUTHOR

...view details