ডিফু, 26 ছেপ্টেম্বৰ:পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু (Body rescued of Assam youth) ৷ এইবাৰ ছত্তিশগড়ৰ ৰে’লপথত উদ্ধাৰ হৈছে মুম্বাইলৈ কামৰ সন্ধানত যোৱা অসমৰ যুৱকৰ মৃতদেহ (body rescued in Chhattisgarh railway track)৷
ঘটনাৰ বিৱৰণ অনুসৰি ডিফু হৰিলালবস্তি নিবাসী দিগেন্দ্ৰ দাসৰ পুত্ৰ গৌতম দাসে (36) যোৱা 21 ছেপ্টেম্বৰত কামৰ সন্ধানত মুম্বাইলৈ যায় (Allegation of murder of Assam youth) ৷ মুম্বাইত পূৰ্বৰে পৰা কৰ্মৰত গৌতমৰ মাহীয়েকৰ পুত্ৰৰ সৈতে হোৱা যোগাযোগ মৰ্মে মুম্বাইত উপস্থিত হয় গৌতম (Assam youth died) ৷
তাৰ পিছতে গৌতম কোনো অপৰাধী চক্ৰৰ জালত পৰা বুলি ফোনযোগে পৰিয়ালৰ লোকক জানিবলৈ দিছিল ৷ আনকি গৌতমে নিজ পিতৃক ফোনযোগে এবাৰ কৈছিল যে যদি মোৰ কিবা হয় তেন্তে মোৰ মাহীৰ ল’ৰা মিণ্টু আৰু বাপনক নেৰিবি ৷ ইহঁতেই ইয়াৰ জগৰীয়া হ’ব ৷
পৰৱৰ্তী সময়ত গৌতমে কোনোমতে অপৰাধী চক্ৰৰ জালৰ পৰা সাৰি ৰেʼলযোগে পলায়নৰ চেষ্টা কৰা বুলি গৌতমে পৰিয়ালৰ লোকক জানিবলৈ দিছিল ৷ কিন্তু সোমবাৰে পুৱা ছত্তিশগড়ৰ ৰাইপুৰত ৰেʼললাইনৰ দাঁতিত যুৱকজনৰ মৃতদেহ পৰি থকা বুলি ৰাইপুৰৰ ৰেʼল আৰক্ষীয়ে গৌতমৰ পৰিয়ালৰ লোকক জানিবলৈ দিয়ে (Body of Assam youth found in Chhattisgarh) ৷