ডিফু,২৪ জানুৱাৰী :কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে বকলীয়াঘাটত আছুৱে উৰুৱালে ক’লা পতাকা ৷ বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমখনত বৰ্তমান নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে বিভিন্ন চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিছে বহু দল সংগঠনে ৷
সেই সময়তেই নিৰ্বাচনী কোচ কাৱাজ চলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ সমাগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপি দলৰ কেন্দ্ৰীয় নেতৃত্বৰ অসমলৈ সঘন আহ-যাহৰ ধাৰা আৰম্ভ হোৱাৰ সমান্তৰালভাৱে ’ কা’ বিৰোধী স্থিতিক লৈ ৰাজ্যখনৰ জাতীয় দল সংগঠনসমূহ অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে ।