ডিফু, ৫ মে':পশ্চিমবংগত বিধানসভা নির্বাচনৰ ফলাফল ঘােষণা হােৱাৰ পিচতেই ৰাজ্যখনৰ বিজেপি কর্মীসকলৰ ওপৰত সন্দেহযুক্ত তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে চলােৱা আতিশায্যৰ বিৰুদ্ধে বুধবাৰে কার্বি আংলং জিলাৰ হাওৰাঘাটত বিজেপি দলৰ কৰ্মীসকলে প্রতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে এই সন্দৰ্ভত দেশৰ ৰাষ্ট্ৰপতিলৈও এখন স্মাৰকপত্র প্রেৰণ কৰে।
পশ্চিমবংগত বিজেপি কর্মীক আক্ৰমণৰ বিৰুদ্ধে হাওৰাঘাটত প্রতিবাদ - west bengal news
পশ্চিমবংগত বিধানসভা নির্বাচনৰ ফলাফল ঘােষণা হােৱাৰ পিচতেই ৰাজ্যখনৰ বিজেপি কর্মীসকলক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে হাওৰাঘাটত প্ৰতিবাদ বিজেপি কৰ্মীৰ ৷ হাওৰাঘাট মণ্ডল বিজেপিৰ কাৰ্যালয়ত বুধবাৰে দলটোৰ নেতা-কৰ্মী সকলে পালন কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷
হাওৰাঘাট মণ্ডল বিজেপিৰ কাৰ্যালয়ত বুধবাৰে দলটোৰ নেতা-কৰ্মী সকলে পালন কৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ হাওৰাঘাট মণ্ডল বিজেপিৰ সভাপতি-সম্পাদক স্বাক্ষৰিত স্মাৰকপত্ৰখনত পশ্চিমবংগৰ শেহতীয়া হিংসাত্মক ঘটনাৰ প্ৰসংগ উল্লেখ কৰি এইক্ষেত্ৰত পশ্চিমবংগ আৰক্ষীৰ ভূমিকাক লৈও প্রশ্ন উত্থাপন কৰে । লগতে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্মাৰক পত্রযােগে দাবী জনােৱা হয় । প্রতিবাদকাৰী বিজেপি কর্মীসকলে লগতে 'মমতা বেনাৰ্জী গ’ বেক', টি এম চি গ' বেক, ন' জাষ্টিছ ন'ৰেষ্ট, টি এন চি হুচিয়াৰ', টি এম চি হায় হায়' আদি শ্ল’গান সম্বলিত প্লে-কার্ড প্রদর্শন কৰিও প্রতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক: পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত স্থগিত ৰাজ্যিক লোক আদালত