ডিফু, ১৩জুন : বিগত ৮ জুনত অনুষ্ঠিত হৈ যোৱা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ (KAAC election result 2022)আজি ঘোষিত হোৱা ফলাফল অনুসাৰি পৰিষদৰ ২৬খন আসনৰ আটাইকেইখন আসনতে শাসকীয় বিজেপি দলে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে(BJP KAAC Election 2022 winning all 26 seats) ।
ভোটগণনাৰ ফলাফল অনুসৰি, ফুলনি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কাংবুৰা কিলিঙে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় । বিজেপি প্ৰাৰ্থীগৰাকীয়ে মুঠ ৫,৬৯২ টা ভোট লাভ কৰি নিকটতম নিৰ্দলীয় প্ৰাৰ্থী ধনীৰাম তিমুঙক ২০৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় । লাংহিন পৰিষদীয় সমষ্টিতো বিজেপি প্ৰাৰ্থী বিলিমোহন খাখলাৰীয়ে ১৬,৫৫৫ টা ভোট লাভ কৰি নিকটতম নিৰ্দলীয় প্ৰাৰ্থী চাৰমুং ৰংফাৰক ১২ হাজাৰতকৈ অধিক ভোটল বিশাল ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় ।
সিংহাসনত বিজেপি প্ৰাৰ্থী অমৰছিং তিচ'বে ৫৮৫৫ টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বী এপিএইচএলচিৰ জন ইংতি কাথাৰক ১৬৫৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। মহামায়াত বিজেপি প্ৰাৰ্থী লুনছিং টেৰণে ৮৮৯৩ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিদ্যাছিং ৰংপিয়ে ৪৩২৫ টা ভোট লাভ কৰে দ্বিতীয় স্থান । ন-মাটি সমষ্টিত ৭৮২৩ টা ভোট লাভ কৰি বিজেপি প্ৰাৰ্থী ৰিতেশ ইংতিয়ে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে নিকটতম প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক টেৰণে লাভ কৰে ৪৪৬৮ টা ভোট ।
হাওৰাঘাট পৰিষদীয় সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী অজিত কুমাৰ দে'ই ১৫,৮৭০ টা ভোট লাভ কৰি জয় লাভ কৰাৰ বিপৰীতে ৪০৭৮ ভোটৰে নিকটতম প্ৰতিদ্বন্দ্বীতা আগবঢ়ায় কংগ্ৰেছ দলৰ প্ৰাৰ্থী চন্দ্ৰ ছিং টেৰণে । ইয়াৰ বিপৰীতে বোকাজান মহকুমাৰ সৰুপথাৰ পৰিষদীয় সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বীতাৰ মাজেৰে বিজেপি প্ৰাৰ্থী কাদম তেৰাংপীয়ে মাত্ৰ ১৯৬ টা ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয় । প্ৰাক্তন ছাত্ৰ নেতা ছিমিয়ন ৰংফাৰে তীব্ৰ প্ৰত্যাহ্বান আগবঢ়োৱা সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীয়ে ২৬১৮ টা ভোট লাভ কৰাৰ বিপৰীতে ৰংফাৰে লাভ কৰে ২৪২২ ।
চ'ছেং ধেন্টা সমষ্টিত বিজেপি প্ৰাৰ্থী কাচে ৰংপিপীয়ে ৬৭১৫ টা ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে মহেন বে'ই লাভ কৰে ৪৬৩৭ টা ভোট । দুৱাৰ বাগৰি পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী ৰিচাৰ্ড টকবিয়ে ৬৪৭৫ টা ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে ৩৯৪৫ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাজেন ইংতি । বৰজান পৰিষদীয় সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী সুৰ্য ৰংফাৰে ১৪,৮৯২ টা ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে এপিএইচএলচি দলৰ প্ৰাৰ্থী মাৰ্টিনা কাথাৰপীয়ে ৭২০৬ ভোট লাভ কৰে ।
বোকাজান পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী মাধুৰ্য ঢেকীয়াল ফুকনে ১৩,০৩৫ টা ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে পাহাৰৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰি ‘আপ'ৰ প্ৰাৰ্থী দিব্যজ্যোতি বৰগোহাঁয়ে ৭৫৫৪ টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দ্বীতা আগবঢ়াই এক প্ৰকাৰৰ ৰাজনৈতিক চমকৰ সৃষ্টি কৰে ।
দেওপানী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী চবন কুমাৰ তেলেঙাই ৮৬৬৯ টা ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে ৪০৯৭ টা ভোটেৰে নিৰ্দলীয় প্ৰাৰ্থী প্ৰহ্লাদ বৈশ্যই লাভ কৰে দ্বিতীয় স্থান । নিলিপ পৰিষদীয় সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী পবিত্ৰ ৰংপিয়ে ৫১৮৮ টা ভোট লাভ কৰি জয়লাভ কৰাৰ বিপৰীতে এপিএইচএলচি দলৰ প্ৰাৰ্থী ৰাজেশ তিচ'বে ৪৬৯৫ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হয় ।