ডিফু, ২৬ নৱেম্বৰ :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সিদ্ধান্তমৰ্মে অহা ২৮ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ ৰাজ্যৰ চাহ বাগানসমূহত বিজেপিৰ উন্নয়নৰ সংকল্প যাত্ৰা অভিযান চলিব ৷ এই উপলক্ষে দেওবাৰে কাৰ্বি আংলং জিলাত উপস্থিত হোৱা চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়কে ডিফুৰ কৃষি অতিথিশালাত এক সংবাদমেলৰ আয়োজন কৰে ৷
সংবাদমেলত চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সভাপতি দুলেন নায়কে কয় যে ৰাজ্যিক বিজেপিৰ সিদ্ধান্তমৰ্মে অহা ২৮ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ সপ্তাহজুৰি চলিবলগীয়া বিজেপিৰ উন্নয়নৰ সংকল্প যাত্ৰাৰ অংশ স্বৰূপে ৰাজ্যৰ ২৮ খন জিলাৰ চাহ বাগানতো এলানি কাৰ্যসূচীৰে সংকল্প যাত্ৰা অনুষ্ঠিত হ'ব ৷
অহা ২৮ নৱেম্বৰত বিশ্বনাথ জিলাত উন্নয়নৰ সংকল্প যাত্ৰাৰ শুভাৰম্ভ কৰিব বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ অসম প্রদেশ চাহ জনগোষ্ঠী মৰ্চাই সমগ্র অসমৰ ২৭ খন সাংগঠনিক জিলাত চাহ জনগোষ্ঠী মৰ্চাৰ সকলো স্তৰৰ কাৰ্যকর্তাই উন্নয়নৰ সংকল্প যাত্রা কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ উন্নয়নৰ সংকল্প যাত্ৰাৰ এই কাৰ্যসূচীৰ জৰিয়তে চাহ জনগোষ্ঠীৰ ৰাইজে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা কেনেদৰে উপকৃত হৈছে আৰু কোনো প্রকৃত হিতাধিকাৰী কোনো আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি এই সম্পর্কে কাৰ্যকর্তাসকলে ইয়াৰ তথ্য সংগ্রহ কৰিব ।