অসম

assam

By

Published : Jun 14, 2022, 1:29 PM IST

ETV Bharat / state

দুদিনীয়া কাৰ্যসূচীৰে ডিফুত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

ডিফুৰ টাউন হলত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ দলীয় পতাকা উত্তোলন কৰি আদৰণি ভাষণ প্ৰদান কৰে ৰাজ্যিক সভাপতি ভবেশ কলিতাই(BJP state executive meeting held in Diphu) ৷

bjp-state-executive-meeting-held-in-diphu
দুদিনীয়া কাৰ্যসূচীৰে ডিফুত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

ডিফু, 14 জুন :মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ টাউন হলত আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা ১০ বজাত ৰাজ্যিক বিষয়ববীয়া সভা ১১:৩০ বজাত জিলা সভাপতি আৰু প্ৰভাৰী সহঃপ্ৰভাৰী সকলৰ সভা অনুষ্ঠিত কৰা হয় ৷ লগতে অনুষ্ঠানত দলীয় পতাকা উত্তোলন কৰে ৰাজ্যিক সভাপতি ভবেশ কলিতাই(BJP state executive meeting held in Diphu) ৷

পূব কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ধনসিং তেৰাঙৰ স্বাগতম ভাষণৰ পিচতেই ৰাজ্যিক সভাপতিগৰাকীৰ আদৰণি ভাষণৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহ সভাত শোক প্ৰস্তাৱ, ধন্যবাদসূচক প্ৰস্তাৱ আৰু ৰাজনৈতিক প্ৰস্তাৱ উত্থাপন আৰু গ্ৰহণ কৰা হয় ৷

দুদিনীয়া কাৰ্যসূচীৰে ডিফুত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

ইফালে, উক্ত সভাত জিলা সভাপতিসকল, জিলা প্ৰভাৰী আৰু সহ-প্ৰভাৰীসকল, কোষৰ আহ্বায়ক, সহ-আহ্বায়কসকল, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যসকলৰ সৈতে সুকীয়াক ৪টা গোটত দলীয় কামকাজ আৰু ৰণকৌশল সম্পৰ্কে আলোচনা কৰা হ'ব ৷

বিয়লি ৬:৩০ বজাত ৰাজ্যিক সহ-প্ৰভাৰী পৱন শৰ্মা আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, সাংসদ দিলীপ শইকীয়াই ১৫ জুন পুৱা ৯.৩০ বজাত মাৰ্গদৰ্শন কৰিব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ নিৰ্বাচনত জয়লাভ কৰা পাৰিষদসকলক সম্বৰ্দ্ধনা জনোৱা হ'ব ৷ আনহাতে অনুষ্ঠানত বক্তব্য আগবঢ়াব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ উক্ত সভাত বিভিন্ন সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা হ'ব ৷ য'ত আঁত ধৰিব ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই ৷

লগতে পঢ়ক :Written examination of health department: স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা নিজ জিলাতে দিয়াৰ ব্যৱস্থা কৰাৰ দাবী

ABOUT THE AUTHOR

...view details