অসম

assam

ETV Bharat / state

দুদিনীয়া কাৰ্যসূচীৰে ডিফুত আৰম্ভ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক - নৰেন্দ্ৰ মোদী চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি

ডিফুত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা । পুৱাৰ ভাগত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ সভা অনুষ্ঠিত হোৱাৰ পিছত অসমৰ বিভিন্ন জিলাৰ সভাপতি, সম্পাদক, প্ৰভাৰী, সহ-প্ৰভাৰী আৰু প্ৰভাৰীসকলৰ সভা অনুষ্ঠিত হয় ৷

দুদিনীয়া কাৰ্যসূচীৰে ডিফুত আৰম্ভ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক
দুদিনীয়া কাৰ্যসূচীৰে ডিফুত আৰম্ভ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

By

Published : Jun 14, 2022, 7:26 PM IST

ডিফু, ১৪ জুন: ডিফুত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা (Two days BJP state executive meeting start at Diphu)। সাংসদ, বিধায়ক আৰু ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাৰ লগতে বিজেপিৰ প্ৰতিখন জিলাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু প্ৰভাৰী সকলৰ উপস্থিতিত গেৰুৱাময় হৈ পৰিছে ডিফুৰ টাউন হল ৷ পুৱাৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা ডিফুলৈ আহিছে বিজেপিৰ নেতা-কৰ্মী সকল ।

দুদিনীয়া কাৰ্যসূচীৰে ডিফুত আৰম্ভ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে কাৰ্যনিৰ্বাহক সভাত মূলতঃ দুটাকৈ প্ৰস্তাৱ গ্ৰহণ কৰা হব ৷ কাৰ্বি পাহাৰত বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰা, দলীয় ৰাজনৈতিক প্ৰস্তাৱ আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি আৰু ৰাজ্যত ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষপুৰ্তি সন্দৰ্ভত ধন্যবাদ সূচক প্ৰস্তাৱ পাঠ কৰা হব বুলি মন্তব্য কৰে সভাপতি ভবেশ কলিতাই ।

দুদিনীয়া কাৰ্যসূচীৰে ডিফুত আৰম্ভ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

আগন্তুক দিনত দলক অধিক শক্তিশালী কৰা আৰু আগন্তুক দিনত জনকল্যাণমূলক আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱা সন্দৰ্ভত ৰাজ্যিক কাৰ্যনিৰ্বাহকত আলোচনা কৰা হব বুলি কয় সভাপতি গৰাকীয়ে ৷ ইয়াৰোপৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত 'আপ'ৰ উত্থান সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে আপে অসমৰ ৰাজনীতিত প্ৰবেশ কৰিবলৈ এতিয়াও বহু বাকী আছে ৷

দুদিনীয়া কাৰ্যসূচীৰে ডিফুত আৰম্ভ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

উল্লেখযোগ্য যে পুৱাৰ ভাগত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ সভা অনুষ্ঠিত হোৱাৰ পিছত অসমৰ বিভিন্ন জিলাৰ সভাপতি, সম্পাদক, প্ৰভাৰী, সহ-প্ৰভাৰী আৰু প্ৰভাৰীসকলৰ সভা অনুষ্ঠিত হয় ৷ ইয়াৰ পিছত ডিফু টাউন হল চৌহদত ৰাজ্যিক বিজেপিৰ পতাকা উত্তোলন কৰে বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ ইয়াৰ পিছতে ডিফুৰ টাউন হলত ভৱেশ কলিতাৰ সভাপতিত্বত ৰাজ্যিক বিজেপিৰ পূৰ্ণাংগ সভাখন অনুষ্ঠিত হয় ৷

লগতে পঢ়ক:শিক্ষকৰূপী এল আই চি এজেণ্টৰ তথ্য বিচাৰি শিক্ষা বিভাগলৈ চৰকাৰৰ জাননী

ABOUT THE AUTHOR

...view details