ডিফু, 8 ডিচেম্বৰ:গুজৰাটত চলিল মোডী মেজিক (Gujarat Assembly polls 2022) ৷ বিজেপিয়ে গুজৰাটত বিৰোধীক ধূলিস্যাৎ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি 156 খন আসনত জয়লাভ কৰিছে (Jafrin Mehzabin hold press meet on Gujarat victory)৷ গুজৰাটত নিৰ্বাচনী বিজয়ৰ পিছতে আজি বিজেপি দলে একপ্ৰকাৰ সমগ্ৰ দেশতে বিজয় উৎসৱ পাতিছে ৷
বৃহস্পতিবাৰে বিজেপি দলৰ ৰাজ্যিক মুখপাত্ৰ ডাঃ জাফ্ৰীন মেহজাবিনে (BJP media panellist Jafrin Mehzabin ) ডিফুত এক সংবাদমেল সম্বোধন কৰি এই বিজয়ক ঐতিহাসিক বিজয় আখ্যা দিয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিকাশ ৰাজনীতিক দেশৰ জনতাই সন্মান আৰু আদৰ কৰে ৷ অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে (Delhi CM Arvind Kejriwal) বিজেপিক প্ৰত্যাহ্বান জনাব বুলি কোৱা হৈছিল যদিও আপ বহু যোজন দূৰৈত থাকিল ৷
লগতে তেওঁ কয় যে বিজেপিয়ে বিধায়ক কিনিব নালাগে, বিজেপিলৈহে সকলো আহিবলৈ বিচাৰি থাকে ৷ আনকি এতিয়া বিজেপিত ইমানেই লোকে যোগদান কৰিছে যে ইয়াৰ ফলত বহুতক দায়িত্ব দিবলৈ স্থান নোহোৱা হৈছে ৷ নিৰ্দলীয় বিধায়কজনেও নিৰ্বাচন খেলিলে বহুত অংক কৰি খেলে ৷ যাতে তেওঁলোকে বিজয় লাভ কৰিলেই বিজেপিলৈ আহিব পাৰে ৷ বিজেপিলৈ আহিম বুলি তেওঁলোক মনৰে সাজু হৈ থাকে ৷