ডিফু, 19 মাৰ্চ: কাৰ্বি আংলং জিলাৰ মাজেৰে নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত পথ নিৰ্মাণত বিয়াগোম ভূমি কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ ৷ এই কেলেংকাৰীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী কাৰ্যবাহী সদস্য আৰু মুখ্য কাৰ্যবাহী সদস্যক সাঙুৰি লোৱা কাৰ্যক উদ্দেশ্য প্ৰণোদিত আখ্যা কাৰ্বি আংলং জিলা বিজেপিৰ ৷ এই অভিযোগ সন্দৰ্ভত কাৰ্বি আংলং জিলা বিজেপিয়ে যোৱা 19 মাৰ্চ, দেওবাৰে এখন সংবাদমেল আয়োজন কৰে ৷ জিলা বিজেপিৰ সভাপতি ৰলেণ্ড কিলিং আৰু ৰাজ্যিক এছটি মৰ্চাৰ সম্পাদক লংছিং টকবিয়ে সম্বোধন কৰে সংবাদমেল (Allegations of land scam)
সংবাদমেলত একাংশ লোকে মিছা তথ্যৰ ওপৰত ভিত্তি কৰি এই পথ নিৰ্মাণত অনিয়ম হোৱাৰ অভিযোগ তোলা বুলি দাবী কৰে কাৰ্বি আংলং জিলা বিজেপিয়ে ৷ সংবাদমেলযোগে জিলা সভাপতি কিলিঙে কয় যে, চাৰিলিনযুক্ত পথ নিৰ্মাণত বিশেষকৈ চৰকাৰী মাটি দখল কৰি ক্ষতিপূৰণ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ক্ষেত্ৰত আমি ক'ব বিচৰো যে চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰত যি বিভাগৰ ভূমি অধিগ্ৰহণ কৰা হৈছে সেই বিভাগেহে ক্ষতিপূৰণৰ ধন লাভ কৰিব । যদি কিবা অনিয়ম হৈছে তেনেহ'লে এই ক্ষেত্ৰত পৰিষদৰ ভূমি অধিগ্ৰহণ সম্পৰ্কীয় বিভাগীয় কৰ্তৃপক্ষ আছে আৰু তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে তেওঁ (BJP leader accused of land scam in Karbi Anglong)৷
এতিয়ালৈকে কোনো বিজেপি নেতাই ভয়-ভাবুকিৰে কোনো ক্ষতিগ্ৰস্ত লোকৰ ভূমি দখল কৰাৰ অভিযোগ চৰকাৰীভাৱে লাভ নাই কৰা আৰু ব্যক্তিগতভাৱে কোনো ব্যক্তিয়ে এনে দাবী কৰা নাই বুলি উল্লেখ কৰে তেওঁলোকে ৷ এয়া কেৱল দুষ্টচক্ৰৰ প্ৰচাৰ বুলি অভিহিত কৰে জিলা সভাপতিগৰাকীয়ে ৷
লংছিং টকবিয়ে উল্লেখ কৰে যে, মহাজন ক্ৰ' নামৰ ব্যক্তিগৰাকীয়ে তথ্যহীন অভিযোগ উত্থাপন কৰি কৈছে যে শিলভেটা ৰিজাৰ্ভৰ মাটিত 1975 চনতে তেওঁলোকে মাটিৰ পট্টা লাভ কৰিছিল আৰু বৰ্তমান তেওঁলোক ক্ষতিপূৰণৰ পৰা বঞ্চিত হৈছে ৷ এই সন্দৰ্ভত অসম চৰকাৰে প্ৰকাশ কৰা গেজেট নটিছ প্ৰদৰ্শন কৰি টকবিয়ে কয় যে, 30 জানুৱাৰী 1971 চনতে জিলা পৰিষদে ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা কৰিছিল । তেতিয়া কোনো চৰকাৰী বিষয়াই অকৰ্তৃত্বশীলভাৱে যদি কাৰোবাক মাটিৰ পট্টা প্ৰদান কৰিছিল তেনেহ'লে এতিয়াৰ পৰিষদৰ নেতৃবৰ্গ কেনেদৰে দোষী হ'ল বুলিও মন্তব্য কৰে তেওঁ (BJP leader press meet in Karbi Anglong) ৷