অসম

assam

By

Published : May 5, 2023, 10:38 PM IST

ETV Bharat / state

Joyram Engleng Joined Congress : মোৰ আজি ঘৰ ৱাপচী হৈছে- জয়ৰাম ইংলেং

বহু জল্পনা কল্পনাৰ অন্তত ঘৰ ৱাপচী বিজেপিৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জয়ৰাম ইংলেঙৰ ৷ শুকুৰবাৰে পুনৰ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে (Joyram Engleng Join In Congress) ইংলেংসহ 7 বিজেপি নেতাই ৷

BJP LEADER  JOYRAM ENGLENG JOINED IN CONGRESS
মোৰ আজি ঘৰ ৱাপচী হৈছে- জয়ৰাম ইংলেং

মোৰ আজি ঘৰ ৱাপচী হৈছে

ডিফু, ৫ মে': কাৰ্বি পাহাৰৰ ৰাজনীতিত নতুন মোৰ (Political scenario of Karbi Anglong) ৷ জল্পনা কল্পনাৰ অন্ত পেলাই বিজেপিৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জয়ৰাম ইংলেঙে শুকুৰবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে (Joyram Engleng Join In Congress) ৷ জয়ৰাম ইংলেঙৰ লগতে কংগ্ৰেছত যোগদান কৰে পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ভূপেন হাঞ্চু, সক্ৰিয় বিজেপি কৰ্মী মহেশ্বৰ ৰাইজুং, এডৱাৰ্ট টপ্ন', কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মোহন তেৰণ, দিলীপ তেৰাং, চন্দ্ৰ লেকথে আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিজেপিৰ সম্পাদক লক্ষীকান্ত বৰদলৈয়ে ৷

জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এই যোগদান সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যকে ধৰি বহু কেইগৰাকী সাধাৰণ সম্পাদক আৰু প্ৰাক্তন বিধায়ক ৷

দলত যোগদান কৰি জয়ৰাম ইংলেঙে কয়, ‘‘আজি বুদ্ধ পূৰ্ণিমাৰ দিন (Congress Joining program at Diphu) ৷ অহিংসাই পৰম ধৰ্ম এই কথা সৰোগত কৰি এই পবিত্ৰ দিনত ডিফুলৈ অহাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ধন্যবাদ জ্ঞাপন কৰিছো ৷ এক কথাত মোৰ আজি ঘৰ ৱাপচী হৈছে ৷ জাতি ধৰ্ম, বৰ্ণলৈ কৰা ৰাজনীতি কৰিব নিবিচাৰো ৷ এই ৰাজনিতী মোৰ বাবে তিক্ততাপূৰ্ণ হৈ পৰিছিল ৷ নিৰাপত্তা, শান্তি উন্নয়নক গুৰুত্ব নিদি ধৰ্মৰ ভিত্তিত বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্যৰ নেতৃত্ব নিমজ্জিত হৈছে ৷’’

সাংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi in Diphu) এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে,আজিৰ এই পবিত্ৰ দিনত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে ৷ জয়ৰাম ইংলেঙৰ যোগদান কংগ্ৰেছৰ বাবে ৰাজনৈতিক পোহৰ ৷ মই তেওঁক দললৈ স্বাগতম জনাইছো ৷ কাৰ্বি আংলঙৰ জনতাৰ সপোন বাস্তবায়ত কৰাত তেওঁ সফল হ’ব বুলি আশা প্ৰকাশ কৰিছো ৷

সাংসদগৰাকীয়ে পিতৃ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ স্মৃতি স্মৰণ কৰি কয় যে, কাৰ্বি আংলঙৰ উন্নয়নৰ বাবে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে বহুত অৱদান আগবঢ়াই গৈছে ৷ বিগত বৰ্ষৰ মে’ মাহত ৰাহুল গান্ধীৰ নেতৃত্বত ওলোৱা ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছক অনন্য মাত্ৰা প্ৰদান কৰিলে (Congress Bharat Jodo Jatra) ৷ কংগ্ৰেছ দল ক্ষমতাৰ পৰা আঁতৰিব পাৰে, কিন্তু মানুহৰ হৃদয়ৰ পৰা কংগ্ৰেছ আঁতৰা নাই ৷

কৰ্ণাটকৰ নিৰ্বাচনত বিজেপি পৰাজিত হ’ব বুলি দাবী কৰি কংগ্ৰেছৰ নেতৃত্বত ২০২৪ চনত চৰকাৰ গঠন হব বুলিও দাবী কৰে গগৈয়ে (Bhupen Bora commented on Karnatak Election)৷ ৰাতি সপোন দেখি উন্নয়নৰ আঁচনি গ্ৰহণ কৰা বুলি প্ৰকাশ কৰা মুখ্যমন্ত্ৰীয়ে কি সোপন দেখি বাল্য বিবাহৰ নামত তিনি হাজাৰ পুৰুষক জেলৰ ভাত খুৱালে, সেইটো মই বুজি নাপালো বুলিও গগৈয়ে কটাক্ষ কৰে ৷ ‘‘মোৰ পিতৃও ১৫ বছৰ মুখ্যমন্ত্ৰী আছিল যদিও আজিৰ মুখ্যমন্ত্ৰীৰ দৰে মই মুখ্যমন্ত্ৰী বুলি দম্ভালি মৰা নাছিল ৷ তৰুণ গগেয়ে নিজকে সেৱক বুলি কৈছিল, অহংকাৰ কৰা নাছিল ৷’’ তেওঁ লগতে কয় ৷

বৰ্তমান মুখ্যমন্ত্ৰীৰ কালত চাৰিগৰাকী ঠিকাদাৰে সকলো কাম কৰি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ গগৈয়ে ৷ এয়া সময়ত ফাদিল হ’ব ৷ বিজেপিয়ে বৰ্তমান ভয় ভাবুকিৰে শাসনভাৰ চলাই আছে বুলিও তেওঁ কয় ৷

লগতে ভূপেন বৰাই ভাষণ প্ৰদান কৰি কয় যে, অসমত কংগ্ৰেছ দলে যি কথা কৈ আছে সেয়া ৰাইজৰ মনৰ কথা হ’ব ৷ অসমৰ ৰাইজে বিগত বিধানসভা নিৰ্বাচনত এই গৰাকী মুখ্যমন্ত্ৰী ড৹ শৰ্মা মুখ্যমন্ত্ৰী হ’ব বুলি গম পোৱা নাছিল বুলি উল্লেখ কৰি সৰ্বানন্দ সোণোৱালক এজন জনজাতীয় মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰি ছলেৰে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱা বুলিও কটাক্ষ কৰে ৷

কাৰ্বি আংলঙত তুলিৰাম ৰংহাঙৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰা বিজেপি দলে একেজন তুলিৰামক এতিয়া পুনৰ মুখ্য কাৰ্যবাহী সদস্য পাতিলে ৷ কাৰ্বি আংলঙত এতিয়া শিল, বালিকে আদি কৰি সকলো ক্ষেত্ৰত লুণ্ঠনৰাজ চলিছে বুলিও বৰাই মন্তব্য কৰে ৷ তুলিৰাম ৰংহাঙক বিজেপিয়ে তেওঁলোকৰ ৱাচিং মেচিনত ধোৱাই নিকা কৰি আনিলে বুলিও তেওঁক কটাক্ষ কৰে ৷

এ আই ইউ ডি এফ সন্দৰ্ভত বৰাই মন্তব্য কৰি কয় যে, আজমলক দিছপুৰৰ ষোল্ল যোজন দূৰত ৰাখিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা দাবী এতিয়া অসাৰ হ'ল ৷ কাৰণ বৰাকত এখন ৰাজহুৱা সভাত মন্ত্ৰী পীযুষ হাজৰিকাক এ আই ইউ ডি এফৰ বিধায়কে তেওঁলোকৰ দলৰ মূল ব্যক্তি বুলি অভিহিত কৰা বুলি বৰাই দাবী কৰে ৷ অসমত এতিয়া ২৭ খন টোলগেট চলি থকা বুলি উল্লেখ কৰি এতিয়া কেৱল জনতাৰ শোষণ কৰা চৰকাৰহে চলি থকা বুলি কটাক্ষ কৰে ৷

কংগ্ৰেছ দলক শক্তিশালী কৰিবলৈ বৰাই আহ্বান জনায় ৷ তেওঁ লগতে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাক যিগৰাকী সিদ্বাৰ্থ ভট্টাচাৰ্যৰ আঙুলিত ধৰি তেওঁ বিজেপিলৈ আনিলে সেই ভট্টাচাৰ্যকে আজি মুখ্যমন্ত্ৰীয়ে চিনি নাপায়, তেনে ক্ষেত্ৰত জয়ৰাম ইংলেঙক কিদৰে চিনি পাব (Bhupen Bora slams cm) ৷ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ক্ষমতাৰ পিছত দৌৰা মুখ্যমন্ত্ৰী নিজেই নেজানে তেওঁৰ নতুন ঠিকনা কি হ’ব ?’’

লগতে পঢ়ক:Karbi Anglong politics: মুখ্যমন্ত্ৰীৰ ২৫০৩ কোটিৰ আধাৰশিলা বনাম ডিফুৰ ৰাজীৱ ভৱনত বিজেপি নেতাৰ বাবে ৰঙা দলিচা

ABOUT THE AUTHOR

...view details