ডিফু, 1 জুন:কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈ (KAAC Election 2022 ) মাত্ৰ এসপ্তাহ বাকী ৷ তেনেসময়তে ধনশিৰিৰ মণ্ডল বিজেপিৰ উপ-সভাপতি অৰুণ দত্তই দলত্যাগৰ (BJP leader Arun Dutta resigning from BJP) ঘটনাই বিজেপিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বুধবাৰে ধনশিৰি পৰিষদীয় সমষ্টি এলেকাৰ মাঞ্জাস্থিত বিজেপি কাৰ্যালয়ত ধনশিৰি মণ্ডল বিজেপিয়ে এক সংবাদমেলৰ আয়োজন কৰি এই সন্দৰ্ভত তেওঁলোকৰ স্থিতি স্পষ্ট কৰে ৷
সংবাদমেলত বিজেপিৰ ধনশিৰিৰ মণ্ডল বিজেপিৰ উপসভাপতি অৰুণ দত্তই মঙলবাৰে বিজেপি দল ত্যাগ কৰি ধনশিৰি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নিছ' তেৰাংপীৰ দলত যোগদান কৰি বিজেপি দলৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰিছে, সেয়ে তেওঁক বিজেপি দলৰ পৰা বহিষ্কাৰ কৰা হৈছে (BJP leader Arun Dutta expelled from BJP party) বুলি ধনশিৰি মণ্ডল বিজেপিৰ সভাপতি থমাছ লাক্ৰাই কয় ৷
অৰুণ দত্তক বিজেপিৰ পৰা বহিষ্কাৰ ধনশিৰি মণ্ডল বিজেপিৰ থমাছ লাক্ৰাইঅৰুণ দত্তই সমষ্টিটোৰ সকলো জাতি-জনগোষ্ঠী অৰুণ দত্তৰ লগত থকা বুলি কোৱা কথা সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰে ৷ তেওঁ লগতে সমষ্টিটোৰ সকলো জাতি-জনগোষ্ঠী বিজেপি দলৰ লগত থকাৰ কথা সদৰি কৰি বিজেপি প্ৰাৰ্থী তিলোত্তমা হাঞ্চুক বিজয়ী কৰোৱাৰ বাবে দৃঢ় প্ৰতিজ্ঞ বুলি জানিবলৈ দিয়ে ৷
ইফালে, অৰুণ দত্তই অভিযোগসমূহ মিছা আৰু এয়া এক ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে মণ্ডল বিজেপিৰ অবিচি মৰ্চাৰ সভাপতি বিমল সিনহা, মণ্ডল বিজেপিৰ সভাপতি থমাছ লাক্ৰা আৰু জিলা বিজেপিৰ কাৰ্যবাহ সদস্য কৃষ্ণ ভট্টৰায়ে ৷ আনহাতে, অৰুণ দত্তই কৰা অভিযোগ অনুসৰি বিমল সিনহাই টকা লোৱাৰ কথা প্ৰমাণ কৰিব নোৱাৰিলে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিজেপি কৰ্তৃপক্ষই এই কথা জানিব দিয়ে ৷
লগতে পঢ়ক :Commercial LPG cylinder price cut: 1 জুনৰ পৰা ১৩৫ টকালৈ হ্ৰাস পালে মূল্য