অসম

assam

ETV Bharat / state

বদৰুদ্দিন আজমল জাতিৰ লগতে বিজেপিৰ বাবেও প্ৰত্যাহ্বান: হিমন্ত বিশ্ব শৰ্মা - BJP 1ST ELECTION RALLY CUM NOMINATION FILE

বিজেপিৰ বাবে কংগ্ৰেছ দল প্ৰত্যাহ্বান নহয় কিন্তু বদৰুদ্দিন আজমল জাতিৰ লগতে বিজেপিৰ বাবেও প্ৰত্যাহ্বান ৷ বদৰউদ্দিনে সভ্যতা-সংস্কৃতি ধ্বংস কৰিছে ৷ ডিফুৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে মন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মাই । লগতে তেওঁ কয়, কংগ্ৰেছে বদৰুদ্দিন আজমলৰ নেগুৰত ধৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব খুজিছে ৷

BJP 1ST ELECTION RALLY CUM NOMINATION FILE
আজমলৰ জুঠা পানী এইবাৰ ৰিপুণ বৰাই খাব খুজিছে

By

Published : Mar 11, 2021, 10:39 PM IST

ডিফু,১১ মার্চ:সমাগত নিৰ্বাচনত বিজেপিৰ বাবে কংগ্ৰেছ দল প্ৰত্যাহ্বান নহয় কিন্তু বদৰুদ্দিন আজমল জাতিৰ লগতে বিজেপিৰ বাবেও প্ৰত্যাহ্বান ৷ বদৰউদ্দিনে সভ্যতা-সংস্কৃতি ধ্বংস কৰিছে ৷ ডিফুৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে মন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মাই ।

উল্লেখ্য যে, আজি কাৰ্বি আংলং জিলাৰ ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্রার্থী বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাঙে জিলা উপায়ুক্তৰ কার্যালয়ত মনােনয়ন দাখিল কৰাৰ পূর্বে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্রাংগণত অনুষ্ঠিত হয় এক বিশাল ৰাজহুৱা সভা ৷ উক্ত সভাৰ ভাষণত মন্ত্রীগৰাকীয়ে কংগ্রেছ আৰু এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক কঠোৰ ভাষাৰে সমালােচনা কৰি এই মন্তব্য কৰে ।

মন্ত্ৰী গৰাকীয়ে কয়, "আজমলৰ জুঠা পানী এইবাৰ ৰিপুণ বৰাই খাব খুজিছে ৷ কংগ্ৰেছে বদৰুদ্দিন আজমলৰ নেগুৰত ধৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব খুজিছে"৷ বটদ্ৰৱা সত্ৰৰ ভূমি বেদখলৰ পৰা আৰম্ভ কৰি মিঞা স্কুল খুলি, মিঞা কবিতা লিখি অসমৰ জাতীয় জীৱনৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে আজমল বাহিনী ৷ সেয়ে আজমল বাহিনীক গুৰুত্ব সহকাৰে ল'ব লাগিব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

আজমলৰ জুঠা পানী এইবাৰ ৰিপুণ বৰাই খাব খুজিছে

সভাখনত ভাষণ প্রদান কৰি মন্ত্রীগৰাকীয়ে শেহতীয়াকৈ ডিফু নগৰৰ বিশেষ উন্নয়ন, ৰাস্তা ঘাটৰ ব্যাপক উন্নয়ন হােৱা বুলি দাবী কৰে ৷ লগতে কংগ্রেছৰ দীঘলীয়া শাসনকালত সম্ভৱ নােহােৱা ষ্টেডিয়াম, ইনডৰ ষ্টেডিয়াম, সাংস্কৃতিক প্রকল্প আদি নির্মাণ হােৱাৰ কথা উল্লেখ কৰে।

বিজেপিৰ শাসনতে পাহাৰীয়া জিলাখনত শাস্তি, বিশ্বাস আৰু নতুন আনন্দৰ পৰিৱেশ সুষ্টি হােৱা বুলি দাবী কৰি ড৹ শৰ্মাই কয়, জিলাখনৰ সশস্ত্র সংগঠনসমূহৰ সৈতেও সম্প্রতি কেন্দ্রীয় চৰকাৰৰ শাস্তি আলােচনা প্রক্রিয়া অব্যাহত আছে । কিছুদিন পূর্বে মন্ত্রীগৰাকীয়ে নিজেই কেন্দ্রীয় গৃহমন্ত্ৰীৰ সৈতে বিদ্রোহী সংগঠনসমূহক সাক্ষাৎ কৰোৱাৰ লগতে উক্ত আলােচনাত জিলাখনৰ দীর্ঘদিনীয়া ৰাজনৈতিক দাবী ২৪৪(ক)ৰ ৰূপায়ণ, কার্বি ভাষাক ৰাজ্য ভাষাৰ মর্যাদা প্রদান, স্বায়ত্বশাসিত পৰিষদৰ আসন বৃদ্ধি, পৰিষদত সকলাে জাতি-জনগােষ্ঠীৰ প্রতিনিধিত্ব, অর্থনৈতিকভাবে গুৰুত্বপূর্ণ পথ, সীমান্ত এলেকাৰ পথসমূহৰ নির্মাণ আদি বিষয় সন্দর্ভত আলােচনা কৰা হৈছে জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

আজমলৰ জুঠা পানী এইবাৰ ৰিপুণ বৰাই খাব খুজিছে

জিলাখনত চেমচনছিং ইংতিৰ নামতে এখনি ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ লগতে বিমানবন্দৰ নিৰ্মাণ কৰি জিলাখনক এখন জাকত জিলিকা জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে বিজেপি চৰকাৰ সংকল্পবদ্ধ ৷ কংগ্রেছৰ আমােলত মন্ত্রী খৰছিং ইংতিয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিছিল ৷ সভাত ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য প্ৰকাশ কৰে ৷

ইফালে, মন্ত্ৰী ছুম ৰংহাঙক তীব্ৰ কটাক্ষ কৰি শৰ্মাই কয়, ছুম ৰংহাঙে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বাবে মন্ত্ৰীত্বকালত একোৱেই নকৰিলে ৷ পুঁজি মুকলিৰ ফাইল মন্ত্ৰী গৰাকীৰ টেবুলতে ছমাহ পর্যন্ত পৰি থকাৰ বাবে বহু সমস্যাৰ সৃষ্টি হােৱা বুলি মন্তব্য কৰি দলত টিকট নােপােৱাৰ পাচতে ৰংহাং আজমলৰ বোকোচাত উঠিল বুলি মন্তব্য কৰে ড৹ শৰ্মাই ।

আজমলৰ জুঠা পানী এইবাৰ ৰিপুণ বৰাই খাব খুজিছে

সভাখনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে', জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণ আদি উপস্থিত থাকে। আনহাতে ডিফুত আজি এএছডিচি দলৰ হাওৰাঘাটৰ প্রার্থী চন্দ্রকান্ত তেৰাঙ, বােকাজান সমষ্টি এএছডিচি দলৰ প্রার্থী ৰাজেন্দ্র ৰংপিয়ে বোকাজান মহকুমাধিপতিৰ কার্যালয়ত মনােনয়ন পত্র দাখিল কৰে। সমান্তৰালভাৱে শতাধিক দলীয় কৰ্মীক লগত লৈ চিপিআই (এমএল) হিলছৰ আমলং ইংতিয়েও মনােনয়ন দাখিল কৰে। পশ্চিম কাৰ্বি আংলং উপায়ুক্তৰ কাৰ্যালয়ত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমৰ্থিত এএছডিচিৰ প্ৰাৰ্থী ছাৰছিং ইংলেঙেও মনোনয়ন দাখিল কৰে ৷

লগতে পঢ়ক: যমুনামুখৰ মহাজোঁটৰ প্রার্থী চিৰাজুদ্দিন আজমলৰ মনােনয়ন দাখিল

For All Latest Updates

ABOUT THE AUTHOR

...view details