অসম

assam

ETV Bharat / state

Rongbong Terang Integration Award: শিল্পী বীৰেন সিংহলৈ ২০২৩ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা - ৰংবং তেৰাঙৰ এটি আৱক্ষ মূৰ্তিও প্ৰতিষ্ঠা

২০২৩ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা এইবাৰ প্ৰদান কৰা হ’ব চিত্ৰ আৰু ভাস্কৰ্য শিল্পী বীৰেন সিংহক (Biren Singha nominated for Rongbong Terang Award 2023) । শনিবাৰে ডিফুত এক সংবাদমেল যোগে এই কথা সদৰী কৰে চিংথুৰ প্ৰকাশনৰ স্বত্বাধিকাৰ বিশ্বজ্যোতি হাজৰিকাই ।

Rongbong Terang Integration Award
শিল্পী বীৰেন সিংহক প্ৰদান ৰংবং তেৰাং সমন্বয় বঁটা

By

Published : Dec 31, 2022, 6:53 PM IST

শিল্পী বীৰেন সিংহক প্ৰদান ৰংবং তেৰাং সমন্বয় বঁটা

ডিফু, ৩১ ডিচেম্বৰ : প্ৰতি বছৰৰ দৰে এই বছৰো প্ৰদান কৰা হ’ব ৰংবং তেৰাং সমন্বয় বঁটা (Rongbong Terang Award 2023)। ২০২৩ বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা এইবাৰ প্ৰদান কৰা হ’ব চিত্ৰ তথা ভাস্কৰ্য শিল্পী বীৰেন সিংহক (Biren Singha nominated for Rongbong Terang Award)। বকলিয়াঘাটৰ চিংথুৰ প্ৰকাশনৰ উদ্যোগত বিগত ২০১৭ চনৰ পৰাই ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্ম দিনটোৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ ১৩ জানুৱাৰী তাৰিখে ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান কৰি অহা হৈছে ।

এই বঁটা ২০১৭ চনত বিশিষ্ট সাহিত্যিক, লোক সাহিত্যৰ গৱেষক পণ্ডিত ড৹ বীৰেন্দ্ৰ নাথ দত্ত, ২০১৮ চনত বিশিষ্ট ঔপন্যাসিক য়েছে দৰজে ঠংচি, ২০১৯ চনত বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক হোমেন বৰগোঁহাঞি, ২০২০ চনত মিতভাষৰ স্ৰষ্টা প্ৰখ্যাত সাহিত্যিক ড৹ নগেন শইকীয়া, ২০২১ চনত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী আৰু ২০২২ চনত আউনিআটি সত্ৰৰ সত্ৰাধিকৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীক প্ৰদান কৰা হৈছিল ।

উল্লেখ্য যে, ২০২৩ চনৰ ৰংবং তেৰাং সমন্বয় বঁটাৰ (Rongbong Terang Integration Award) বাবে বিশিষ্ট চিত্ৰ শিল্পী তথা ভাস্কৰ্য শিল্পী বীৰেন সিংহক মনোনীত কৰা হৈছে । আগন্তুক ১৩ জানুৱাৰীত বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ ১০ বজাত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব ৷ শনিবাৰে ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেল যোগে এই কথা সদৰী কৰে চিংথুৰ প্ৰকাশনৰ স্বত্বাধিকাৰ বিশ্বজ্যোতি হাজৰিকাই ।

লগতে পঢ়ক :Districts Abolished in Assam: চাৰি জিলাৰ জনসাধাৰণৰ স্বাভিমানত আঘাত কৰিছে মুখ্যমন্ত্ৰীয়ে: ভূপেন বৰা

এই বঁটাত নগদ ধনৰ লগতে পৰম্পৰাগত কাৰ্বি সাজ-পোছাক আৰু স্থানীয় লেখকৰ গ্ৰন্থৰ টোপোলা আদিও প্ৰদান কৰা হ’ব । অনুষ্ঠানত হিতেন কুমাৰ নাথৰ কবিতাপুথি 'উৰুলি', সুলেখা দলেৰ প্ৰবন্ধ পুথি 'প্ৰাৰ্থনা', অলকা দলেৰ কবিতা পুথি 'প্ৰতিশ্ৰুতি', পূৰ্ণিমা গগৈ বৰুৱাৰ গল্পপুথি 'উপহাৰ', ভৃগুৰাম য়েইনৰ কবিতা পুথি 'কেতেকী', বৰ্ণালী বৰুৱাৰ 'শিশু সাহিত্যৰ জিলিঙনি', ৰং ৰং নানা ৰং, চন্দ্ৰসিং তেৰাঙৰ কবি সংকলন 'প্ৰভাতী পক্ষী' আৰু চিঙথুৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত পদ্মশ্ৰী ৰংবং তেৰাঙৰ একমাত্ৰ সামাজিক নাটক 'ৰূপলিন'ৰ শুভ উন্মোচন কৰা হ’ব ।

উল্লেখ্য যে, উক্ত অনুষ্ঠানত পদ্মশ্ৰী ৰংবং তেৰাং, স্বনামধন্য ঔপন্যাসিক য়েছে দৰজে ঠংচি, অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা ,কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং, অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত উপ-সভাপতি গিৰীশ সন্দিকৈৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷

আনহাতে, পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্মদিনৰ লগত সংগতি ৰাখি উক্ত দিনাই বকলীয়াঘাটত ৰংবং তেৰাঙৰ এটি আৱক্ষ মূৰ্তিও প্ৰতিষ্ঠা কৰা হ’ব ৷ এই কথা উল্লেখ কৰে বিশ্বজ্যতি হাজৰিকাই । শনিবাৰে আয়োজিত উক্ত সংবাদমেলত জ্যেষ্ঠ সাংবাদিকদ্বয় সঞ্জু বৰা, দীপেন বৰা আৰু বিশিষ্ট সাহিত্যিক ভৱ প্ৰসাদ দেউৰীও উপস্থিত থাকে ।

লগতে পঢ়ক :New Year Celebration : সাৱধান ! আজি নিশা গোলাপী হৈ ৰাস্তালৈ নোলাব

ABOUT THE AUTHOR

...view details