ডিফু,১ মে':সমগ্ৰ ৰাজ্য কঁপাইছে চুমিলা ৰংহাংপী হত্যাকাণ্ডই । বিভিন্ন দল-সংগঠনে ঘটনাত জড়িত দোষীক শাস্তি প্ৰদান আৰু সঠিক তদন্তৰ বাবে দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । এইবাৰ চুমিলাৰ দুৰ্ভগীয়া পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত ডিফুৰ এটা মটৰ চাইকেল সন্থাৰ অভিনৱ প্ৰতিবাদ । প্ৰতিবাদস্বৰূপে কাৰ্বি আংলং জিলাখনৰ ৰাইডাৰছ সন্থাই ডিফুৰ পৰা ৰহালৈ যাত্ৰা কৰে ।
পুৱা ৮ বজাত পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ চেমচনচিং ইংতি মেম'ৰিয়েল পাৰ্কৰ পৰা কাৰ্বি আংলঙৰ কেইবাটাও মটৰ চাইকেল ক্লাৱৰ উদ্যোগত এক অভিযান আৰম্ভ কৰা হয় । অল ইণ্ডিয়া ৰাইডাৰছ সংস্থা, আৰকা আদি ৰাইডাৰ সংস্থাকে ধৰি কেইবাটাও সংস্থাৰ সহযোগত চুমিলা হত্যাকাণ্ডৰ স্থান ৰহাৰ খাইগড়ত উপস্থিত হোৱাৰ লক্ষ্যৰে এই যাত্ৰা আৰম্ভ কৰে ।