ডিমাপুৰ, ১২ মে': অসমৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডতো উদযাপন কৰা হৈছে বিহু । নাগালেণ্ডৰ ডিমাপুৰত 'ডিমাপুৰ নামঘৰ বিহু কমিটি'ৰ উদ্যোগত আয়োজন কৰা হৈছে "বসন্ত উৎসৱ ২০১৯" ।
ঢোল-পেঁপাৰ শব্দত মুখৰিত নাগালেণ্ডৰ ডিমাপুৰ - ডিমাপুৰ নামঘৰ বিহু কমিটি
অসমৰ বিভিন্ন প্ৰান্তত বিহু অনুষ্ঠান চলি থকাৰ মাজতেই চুবুৰীয়া ৰাজ্য নাগালেণ্ডত পালন কৰা হৈছে বিহু ৷ নাগালেণ্ডৰ ডিমাপুৰত 'ডিমাপুৰ নামঘৰ বিহু কমিটি'ৰ উদ্যোগত আয়োজন কৰা হৈছে "বসন্ত উৎসৱ ২০১৯" ।
![ঢোল-পেঁপাৰ শব্দত মুখৰিত নাগালেণ্ডৰ ডিমাপুৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3259292-thumbnail-3x2-new.jpg)
এইবাৰ নাগালেণ্ডত বিহু
বসন্ত উৎসৱ ২০১৯
অসমীয়া বাপতি সাহোন বিহুৰ ঐতিহ্য অক্ষুণ্ণ ৰাখি নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত কৰা হয় এই বিহু উৎসৱৰ । বিহু হুঁচৰি দলৰ লগতে উত্তৰ-পূবৰ জনগোষ্ঠীসমূহৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত হৈ পৰে ডিমাপুৰ নামঘৰৰ বিহু কমিটিৰ চৌহদ। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে নাগালেণ্ড পেজ কাকতৰ মুখ্য সম্পাদক মনালিছা চাংকিজা ৷