ডিফু, 8 নৱেম্বৰ : কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙক প্ৰদান কৰা হৈছে সম্মানীয় ডক্টৰেট ডিগ্ৰী ৷ 'ভাৰত ভার্চুৱেল ইউনিভাৰ্ছিটি ফৰ পীচ এণ্ড ডেভেলপমেন্ট' বিশ্ববিদ্যালয়খনৰ পৰা মুখ্য কার্যবাহীগৰাকীক এই সন্মানীয় ডিগ্ৰী প্ৰদান কৰা হয় ৷
দেওবাৰে বিশ্ববিদ্যালয়খনৰ বেংগালুৰু(Bangalore)ৰ চাংগ্ৰী-লা হোটেলত আয়োজন কৰা এক আড়ম্বৰপূর্ণ অনুষ্ঠানত ৰংহাঙক এই সন্মান প্ৰদান কৰা হয় ৷ শিক্ষা, শান্তি আৰু উন্নয়নৰ ক্ষেত্ৰখনত তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ৰংহাঙক প্ৰদান কৰা হয় এই সম্মানীয় ডক্টৰেট ডিগ্ৰী ৷