ডিফু, ২৩ জানুৱাৰীঃ কাৰ্বি আংলং জিলাৰ ডিফুত চীপলৈ থকা অৱস্থাত বেংক কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে নিশা ধৰমনালাস্থিত দিলীপ ঘোষৰ ঘৰত ভাৰাতীয়া হিচাবে থকা এজন বেংক কৰ্মচাৰীয়ে নিজ কোঠাতে চীপলৈ আত্মহত্যা কৰে ৷ মৃত যুৱকজন মৰিগাঁও জিলাৰ গাগলমাৰী গাঁৱৰ বলোৰাম চাউদাঙৰ পুত্ৰ ত্ৰিদিপ চাউদাং(29) ৷
ডিফুত চীপলৈ থকা অৱস্থাত উদ্ধাৰ বেংক কৰ্মচাৰীৰ মৃতদেহ - Tridip chaudang hang body rescued from Diphu
ঘৰৰ মালিক দিলীপ ঘোষৰ পুত্ৰই জনোৱা মতে, মৃত যুৱকজনৰ সহকৰ্মীয়ে ত্ৰিদিপক ফোনত সংযোগ কৰিব নোৱাৰাত নিশাই ঘৰৰ মালিকক যোগাযোগ কৰে ৷ আনহাতে, ত্ৰিদিপৰ কোঠা বন্ধ হৈ থকাৰ ফলত লগে লগে ঘৰৰ মালিকে ভেণ্টিলেটৰেৰে চাই আৰু ত্ৰিদিপক গামোছাৰে চীপলৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷
![ডিফুত চীপলৈ থকা অৱস্থাত উদ্ধাৰ বেংক কৰ্মচাৰীৰ মৃতদেহ ডিফুত বেংকৰ কৰ্মচাৰী চীপলৈ আত্মহত্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5811812-thumbnail-3x2-ll.jpg)
ঘৰৰ মালিক দিলীপ ঘোষৰ পুত্ৰই জনোৱা মতে, মৃত যুৱকজনৰ সহকৰ্মীয়ে ত্ৰিদিপক ফোনত সংযোগ কৰিব নোৱাৰাত নিশাই ঘৰৰ মালিকক যোগাযোগ কৰে ৷ আনহাতে, ত্ৰিদিপৰ কোঠা বন্ধ হৈ থকাৰ ফলত লগে লগে ঘৰৰ মালিকে ভেণ্টিলেটৰেৰে চাই আৰু ত্ৰিদিপক গামোছাৰে চীপলৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ ঘৰৰ মালিকে ততাতৈয়াকৈ যুৱকজনৰ পৰিয়ালৰ লোকক খবৰ দিয়ে ৷
বৃহস্পতিবাৰে পুৱা পৰিয়ালৰ লোক আহি দণ্ডাধীশ কে জিমি আকু আৰক্ষীৰ উপস্থিতিত কোঠাটো খুলি যুৱকজনক মজিয়াত চিতহৈ পৰি থকা প্ৰত্যক্ষ কৰে ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি ৫ মাহ পূৰ্বৰে পৰাডিফুৰ NEFC বেঙ্কত ছিংগল উইনড'অপাৰেটৰ পদত কৰ্মৰত আছিল ত্ৰিদিপ চাউদাং ৷ লগতে ২০২১ চনত বিবাহৰ দিন ধাৰ্যকৰা হৈছিল ত্ৰিদিপৰ ৷ বৰ্তমানলৈ মৃত্যুৰ কাৰণ জানিব পৰা যোৱা নাই যুৱকজনৰ ৷