অসম

assam

ETV Bharat / state

আজিৰে পৰা আৰম্ভ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ বকলীয়াঘাট অধিৱেশন - মুকলি সভা

অধিৱেশনখন উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য চৰ্জোন হাঞ্চেই ৷ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডাঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য মুখ্যঅতিথি হিচাপে উপস্থিত থাকিব ৷

Karbi Anglong AASU Bakaliaghat session begin from today
আজিৰে পৰা আৰম্ভ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ বকলীয়াঘাট অধিৱেশন

By

Published : Dec 18, 2021, 10:52 PM IST

ডিফু, ১৮ ডিচেম্বৰ : বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শনিবাৰৰ পৰা‌ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ বকলীয়াঘাট অধিৱেশন আৰম্ভ হৈছে । পুৱা জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দীপজ্যোতি দাসে পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আঁত ধৰে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অৰ্ণৱ জ্যোতি কাকতিয়ে । ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, ৰচনা প্ৰতিযোগিতাৰ লগতে দলীয় সৃজনীমূলক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

আজিৰে পৰা আৰম্ভ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ বকলীয়াঘাট অধিৱেশন

অধিৱেশনখন উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য চৰ্জোন হাঞ্চেই ৷ বিয়লি অধিবেশনৰ লগত সংগতি ৰাখি প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে প্ৰশান্ত দত্ত আৰু সমীৰণ ফুকন কাৰ্যনিৰ্বাহক সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ৷ উল্লেখ্য যে ছাত্ৰ সংগঠনটোৰ জিলা অধিৱেশন উপলক্ষে শনিবাৰে পুৱাৰে পৰা জিলাখনৰ ভালেসংখ্যক নেতা-কৰ্মী অধিৱেশনস্থলীত উপস্থিত হৈ বকলীয়াঘাটত এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰে ৷

আনহাতে দেওবাৰে দিনৰ ভাগত বিভিন্ন জনগোষ্ঠীয় দলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব ৷ বিয়লি আদৰণি সমিতিৰ সভাপতি কামছিং হাঞ্চেৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডাঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য মুখ্যঅতিথি হিচাপে উপস্থিত থাকিব ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিবলগীয়া সভাখনত সভাপতি দীপাঙ্ক কুমাৰ নাথ সন্মানীয় বিশিষ্ট অতিথি আৰু উপদেষ্টা ক্ৰমে, প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপজ্যোতি গগৈ সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব জনপ্ৰিয় শিল্পী মণ্টুমণি শইকীয়াই ৷

লগতে পঢ়ক :জোনাইত পাঁচ মিচিং জাতীয় সংগঠনৰ যৌথ অধিৱেশনৰ প্ৰস্তুতি তুংগত

For All Latest Updates

ABOUT THE AUTHOR

...view details