ডিফু,25 মাৰ্চ: গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ'চিয়েছনৰ উদ্যোগত ডিফুৰ কাছা খেলপথাৰত অনুষ্ঠিত হোৱা নিৰলা টিচ'পী সোঁৱৰণি 'বি' ডিভিজন ফুটবল লীগত বিজয়ীৰ খিতাপ অৰ্জন কৰে ইয়ংগান এফচিয়ে । বুধবাৰে প্ৰতিযোগিতাৰ চূড়ান্ত খেলত লংকিৰি এফচিয়ে ইয়ংগান এফচিৰ হৈ 11 মিনিটত প্ৰথম গ'ল দিয়ে যদিও 18 মিনটত ডিফু এফচিৰ হৈ ছাৰকিৰি টেৰণে এটা গ'ল দি খেলৰ স্ক'ৰ সমান কৰে ৷
পিছত ইয়ংগান এফচিয়ে ডিফু এফচিক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে ৷ পুৰস্কাৰ হিচাপে বিজয়ী দলক ট্ৰফী আৰু নগদ ধন প্ৰদান কৰে 'কাছা'ৰ উপ-সভাপতি তথা গৌতম তেৰাঙে । বিজেতা দলক ট্ৰফী প্ৰদান কৰে 'কাছা'ৰ সাধাৰণ সম্পাদক পংকজ টেৰণে ৷ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ইয়ংগান এফচিৰ বিক্ৰম ফাংচ'কে ৷ শ্ৰেষ্ঠ গ'লৰক্ষকৰ বঁটা লাভ কৰে ইয়ংগান এফচিৰ ৰণবীৰ কাথাৰে ৷