ডিফু, ৭ মাৰ্চ: ডিফু নগৰ আৰক্ষী চকীত সজাগতামূলক সভা । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচ্যুৎ নাথৰ আহ্বান মৰ্মে দেওবাৰে স্থানীয় ৰাইজৰ মাজত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰে । সজাগতামূলক সভাৰ বিষয়বস্তু আছিল স্থানীয় এলেকাসমূহৰ আভ্যন্তৰীণ সুৰক্ষা আৰু অসামাজিক কাৰ্যকলাপৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা । সভাত স্থানীয় এলেকা ৰংনিহান, হৰিলালবস্তি, পাণবাৰী, ধৰমনালা আৰু শান্তিপাৰাকে ধৰি বিভিন্ন এলেকাৰ শতাধিক ৰাইজ সমবেত হয় ৷
উক্ত সভাত স্থানীয় গাঁওৰক্ষী বাহিনীৰ মুৰব্বীৰ লগতে ঘৰৰ মালিক, মাটিৰ মালিক আৰু জ্যেষ্ঠ নাগৰিকসকল উপস্থিত থাকে ৷ সমাজখনত ব্যাধি ৰূপে থিয় দি নতুন প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি নিয়া চুৰি ডকাইতি, জুৱা আৰু মাদক দ্ৰব্য ,ড্ৰাগছৰ পয়োভৰ উদ্বিগ্নতা প্ৰকাশ কৰি ইয়াক নিৰ্মূল কৰাৰ বাবে গাওঁৰক্ষী বাহিনীৰ লগতে স্থানীয় ৰাইজক সচেষ্ট হৈ থাকিবলৈ ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুৎ নাথ, সহকাৰী উপ পৰিদৰ্শক আবুল ফাৰু আৰু সাংবাদিক ছাইদুল ইছলামে পৰামৰ্শ আগবঢ়ায় ৷