অসম

assam

ETV Bharat / state

ডিফুৰ পাৰখোৱাত সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতা - কৰ'ণা মহামাৰী সন্দৰ্ভত সজাগতা সৃষ্টি

কৰ'ণা মহামাৰী সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে বুধবাৰে পাৰখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত বিজ্ঞানৰ বিভিন্ন বিষয়বস্তু দাঙি ধৰিব পৰাকৈ আৰ্হি প্ৰদৰ্শন কৰা হয় । লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা হয় ।

ডিফুৰ পাৰখোৱাত সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতা
ডিফুৰ পাৰখোৱাত সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতা

By

Published : Apr 21, 2021, 6:12 PM IST

ডিফু, ২১ এপ্ৰিল: বুধবাৰে ডিফুৰ পাৰখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানৰ জৰিয়তে কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ বিষয়ে সজগতা সৃষ্টি প্ৰয়াস কৰে ।

অনুষ্ঠানটিত বিজ্ঞানৰ বিভিন্ন বিষয়বস্তু দাঙি ধৰিব পৰাকৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ২০টাৰো অধিক বিজ্ঞানৰ আৰ্হি প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে ।

ডিফুৰ পাৰখোৱাত সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতা

উক্ত অনুষ্ঠানৰ পাছতে বিদ্যালয়খনৰ অধ্যক্ষ মীনা জি মমিনৰ সভাপতিত্বত আয়োজিত হোৱা এক সভাত মহামাৰীৰ সংক্ৰমণ তথা ইয়াৰ ভয়াৱহতা সন্দৰ্ভত আলোচনা কৰা হয় ।

বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক মুক্তাৰাম কলিতাই ক'ভিড সন্দৰ্ভত বিশ্লেষণ দাঙি ধৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ।

ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ মাস্কো বিতৰণ কৰা হয় । উক্ত সভাতে প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কৃত কৰা হয় ।

উল্লখ্যে যে, বৰ্তমান সমগ্ৰ দেশৰ লগতে অসমতো মহামাৰীৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পাইছে । সেয়ে, চৰকাৰৰ উপৰিও বিভিন্ন সংগঠন তথা অনুষ্ঠানে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছে ।


লগতে পঢ়ক:নীলবাগানত জব্দ আগৰ ভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details