ডিফু, ১৯ জুন:ৰাজ্যত আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ ইয়াৰ পিচতো ৰাজ্যত ভয়াৱহ হাৰত শিপাইছে ড্ৰাগছৰ বেহা । বিশেষকৈ কাৰ্বি আংলঙত আৰক্ষীয়ে নিতৌ ড্ৰাগছ ঘাটি উৎখাত কৰি অহাৰ পিচতো হ্ৰাস হোৱা নাই ড্ৰাগছ সৰবৰাহ । ইয়াৰ বিপৰীতে ড্ৰাগছ সৰবৰাহকাৰীয়ে ন ন কৌশলেৰে চলাই গৈছে এই বেহা । ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰখা এই যুজঁখনত ৰাইজে যাতে সহযোগ কৰে তাৰ বাবে ডিফু আৰক্ষীৰ উদ্যোগত ড্ৰাগছৰ বিৰোধিতা তথা ৰাইজক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰাৰ উদ্দেশ্যে সোমবাৰে এক সজাগতামূলক চাইকেল ৰেলী উলিওৱা হয় ।
ড্ৰাগছ বিৰোধী আৰু পথ সুৰক্ষাকলৈ কাৰ্বি আংলঙ জিলা আৰক্ষীৰ উদ্যোগত বিশাল মটৰ চাইকেল ৰেলী উলিওৱা হয় । যুৱ সমাজক ক্ৰমান্বয়ে গ্ৰাস কৰি পেলোৱা মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আৰু পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ আজি ডিফুস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা এই মটৰ চাইকেল ৰেলী উলিওৱা হয় ৷ কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত আৰু বুল ৰাইডাৰছ মটৰ চাইকেল ক্লাৱৰ সহযোগত 'ছেভ দ্য় য়ুথ' শীৰ্ষক ড্ৰাগছ বিৰোধী আৰু পথ সুৰক্ষামূলক সজাগতা সৃষ্টিৰ উদ্দেশ্য ডিফুৰ পৰা বোকাজানলৈ বিশাল মটৰ চাইকেল ৰেলী উলিওৱা হয় ৷