অসম

assam

ETV Bharat / state

স্বাক্ষৰতা দিৱসত ভাৰতীয় সেনাৰ সজাগতা কাৰ্যসূচী - যুৱ প্ৰজন্মক লক্ষ্যত উপনীত হ'বলৈ অনুপ্ৰাণিত কৰা

ভাৰতীয় সেনাই সৰিয়হজান শান্তি নিকেতন ইংলিছ হাইস্কুলত সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ বিদ্যালয়খনৰ চেণ্ট্ৰেল লেকচাৰ হ'লত ১৬১ গৰাকী ছাত্ৰ - ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ বক্তৃতা অনুষ্ঠানটিৰ মূল লক্ষ্য আছিল যুৱ প্ৰজন্মক লক্ষ্যত উপনীত হ'বলৈ অনুপ্ৰাণিত কৰা ৷

স্বাক্ষৰতা দিৱসত ভাৰতীয় সেনাৰ সজাগতা কাৰ্যসূচী

By

Published : Sep 12, 2019, 6:46 AM IST

ডিফু, ১১ ছেপ্তেম্বৰ : ভাৰতীয় সেনাৰ সদভাৱনা আৰু মানৱ সেৱাৰ ধাৰাবাহিক প্ৰচেষ্টা হিচাপে আন্তৰ্জাতিক স্বাক্ষৰতা দিৱসৰ দিনা সৰিয়হজান শান্তি নিকেতন ইংলিছ হাইস্কুলত সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ বিদ্যালয়খনৰ চেণ্ট্ৰেল লেকচাৰ হ'লত ১৬১ গৰাকী ছাত্ৰ - ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ বক্তৃতা অনুষ্ঠানটিৰ মূল লক্ষ্য আছিল যুৱ প্ৰজন্মক লক্ষ্যত উপনীত হ'বলৈ অনুপ্ৰাণিত কৰা ৷

স্বাক্ষৰতা দিৱসত ভাৰতীয় সেনাৰ সজাগতা কাৰ্যসূচী

উক্ত অনুষ্ঠানতে এক কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় আৰু বিজয়ী সকলক পুৰষ্কৃত কৰা হয় ৷ অনুষ্ঠানত ছাত্ৰ - ছাত্ৰীসকলক সেনা বাহিনীত যোগদান কৰিবলৈ অনুপ্ৰেৰণামূলক বক্তৃতা প্ৰদান কৰা হয় ৷ কাৰ্যসূচী অনুষ্ঠিত কৰা সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ ট্ৰুপে এইক্ষেত্ৰত ছাত্ৰ - ছাত্ৰীৰ তৰফৰ পৰা ভাল সহাঁৰি লাভ কৰাৰ লগতে উঠি অহা প্ৰজন্মই দেশসেৱাৰ বাবে সেনাত যোগদান কৰিব বুলি আশা প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details