অসম

assam

ETV Bharat / state

নামবৰ নদী চাহ বাগিছাৰ ভুৱা বিক্ৰিকলৈ উত্তেজনা অব্যাহত - Nambar Tea Estate

নামবৰ নদী চাহ বাগান খন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বলপূৰ্বক ভাৱে দখল কৰিবলৈ বিচৰা অভিযোগক কেন্দ্ৰ কৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ শুকুৰবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ বোকাজান শাখাই বাগিছাখনত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

ATSA protest against Nambar Tea Estate fraud sell
নামবৰ নদী চাহ বাগিচাৰ ভুৱা বিক্ৰীৰ বিৰুদ্ধে আটছা প্ৰতিবাদ

By

Published : Nov 6, 2020, 10:47 PM IST

ডিফু, ৬ নৱেম্বৰ: বোকাজান মহকুমাৰ অন্তৰ্গত শান্তিপুৰৰ নামবৰ নদী চাহ বাগানখন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বলপূৰ্বকভাৱে দখল কৰিবলৈ বিচৰা অভিযোগক কেন্দ্ৰ কৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ শুকুৰবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ বোকাজান শাখাই বাগিছাখনত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ অতিশীঘ্ৰে ঘটনাৰ উচিত তদন্তৰ দাবী তুলি প্ৰকৃত দোষীক কৰায়ত্ত কৰাৰ দাবী জনায় আটছাৰ নেতৃত্বই ৷ উল্লেখ্য যে নামবৰ নদী চাহ বাগানৰ মালিকী স্বত্ব ল'বলৈ অহাৰ পূৰ্বে চাহ বাগানখনৰ মেনেজাৰ বাংলোত চলা এক নৈশ ভোজত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থকাৰ তথ্য পোহৰলৈ আহিছে।

নামবৰ নদী চাহ বাগিচাৰ ভুৱা বিক্ৰীৰ বিৰুদ্ধে আটছা প্ৰতিবাদ

আনহাতে তুলিৰাম ৰংহাঙে তেখেতৰ ভাতৃ ৰবিৰাম ৰংহাঙে বাগিছাখন ক্ৰয় কৰা বুলি দাবী উত্থাপন কৰিছে ৷ উক্ত বাগিচাখনৰ স্বতাধিকাৰী যোৰহাটৰ প্ৰভাত কমল বেজবৰুৱা বুলি জনোৱাৰ লগতে বাগান খনৰ কৰ্মচাৰী তথা মালিক পক্ষই বাগানখন কোনো কাৰণতেই বিক্ৰী কৰা নাই বুলি দাবী কৰে প্ৰতিবাদকাৰী সকলে। তুলিৰাম ৰংহাঙে বাগানখনৰ মালিকীস্বত্ব হস্তগত কৰাৰ চেষ্টা চলোৱাৰ পিছতেই নামবৰ নদী চাহ বাগিছাত চেপা উত্তেজনাই বিৰাজ কৰিছে ।

ইয়াৰ বিপৰীতে তুলিৰাম ৰংহাঙক গোলাঘাটৰ ৰক্তিম হাজৰিকা আৰু দেৱজিৎ বৰাই ভুৱা নথিপত্ৰৰে বাগানখন বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে । আৰক্ষীৰ প্ৰকৃত তদন্তইহে সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আনিব ।

লগতে পঢ়কঃ খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ নতুন আইন সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

ABOUT THE AUTHOR

...view details