অসম

assam

ETV Bharat / state

Power workers Protest at Diphu: শক্তিখণ্ডত কৰ্মৰত অস্থায়ী কৰ্মচাৰীৰ চাকৰিৰ নিৰাপত্তাৰ দাবীৰে ডিফুত ধৰ্মঘট - Power workers protest in Lakhimpur

অসম ৰাজ্যিক পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ(Assam State Outsource Power Workers Union) কাঞ্চ চক্ৰ সমিতিৰ উদ্যোগত ডিফুত দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলে বৈদ্যুতিক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

Assam State Outsource Power Workers Union
ৰাজ্যিক পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰতিবাদ

By

Published : Dec 19, 2022, 9:10 PM IST

ৰাজ্যিক পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰতিবাদ

ডিফু, ১৯ ডিচেম্বৰ : বিগত কেইবা বছৰ ধৰি ৰাজ্যৰ শক্তিখণ্ডত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলে চাকৰিৰ নিৰাপত্তাৰ দাবীত বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ৷ সোমবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত অসম ৰাজ্যিক পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ(Assam State Outsource Power Workers Union) কাঞ্চ চক্ৰ সমিতিৰ উদ্যোগত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলে বৈদ্যুতিক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে ‘আমাৰ দাবী পূৰণ কৰক’, ‘আমাৰ দাবী মানিবই লাগিব’, ‘আমাৰ দাবী ন্যায্য দাবী’, ‘আমাৰ চাকৰি নিয়মীয়া কৰক’, ‘উই ৱান্ট জাষ্টিচ’ আদি শ্লʼগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে লগতে বিভাগৰ কাঞ্চ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ এখন দহদফীয়া দাবীযুক্ত স্মাৰকপত্ৰ প্ৰেৰণ কৰে । অসম ৰাজ্যিক পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ কাঞ্চ চক্ৰ সমিতিৰ সভাপতি ৰাজেশ্বৰ খাখলাৰী, যুটীয়া অসম ৰাজ্যিক পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ কাঞ্চ চক্ৰ সমিতিৰ সভাপতি ৰাজেশ্বৰ খাখলাৰী, যুটীয়া সম্পাদক ক্ৰমে পল্লৱ দাস আৰু ৰিতুৰাজ চাংমাই স্বাক্ষৰিত স্মাৰকপত্ৰযোগে সংগঠনটোৱে চাকৰিৰ নিয়মীয়াকৰণ, অসম চৰকাৰে ঘোষণা কৰা পাঁচ হাজাৰ স্থায়ী পদৰ নিযুক্তিৰ ক্ষেত্ৰত অস্থায়ী কৰ্মীক অগ্ৰাধিকাৰ প্ৰদান, চাকৰিৰ নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সম কামৰ বিপৰীতে সমান মজুৰিৰ ব্যৱস্থা কৰা, অস্থায়ী কৰ্মচাৰীসকলৰ বীমাৰ ব্যৱস্থা কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে (Protest at Diphu)।

উল্লেখ্য যে, ডিফুৰ সমন্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত সোমবাৰে ৰাজ্যৰ শক্তিখণ্ডৰ অস্থায়ী কৰ্মচাৰীসকলে বহুকেইটা দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লখিমপুৰতো ৰূপায়ণ কৰা হয় অনুৰূপ কাৰ্যসূচী ৷ লখিমপুৰ বৈদ্যুতিক চক্ৰৰ কাৰ্যালয়ৰ চৌহদত ৰূপায়ন হোৱা দুঘন্টীয়া ধৰ্মঘটত কেইবাশ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে (Power workers protest in Lakhimpur)৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, বাচনি পৰীক্ষা অবিহনে নিযুক্তিৰ ব্যৱস্থা কৰা, নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সম কাম-সম মজুৰিৰ ব্যৱস্থা কৰা, প্ৰচলিত শ্ৰম আইন অনুসৰি সা-সুবিধাসমূহ অস্থায়ী কৰ্মীক প্ৰদান কৰাৰ লগতে দুৰ্ঘটনাৰ ক্ষেত্ৰত অস্থায়ী কৰ্মীৰ ক্ষতিপূৰণ প্ৰদানৰ উপৰিও মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যক সংস্থাপনৰ ব্যৱস্থা কৰাকে ধৰি এঘাৰ দফীয়া দাবী জনায় ৷

ইফালে বৰপেটা বৈদ্যুতিক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতো আসাম ষ্টেট আউটচ'ৰ্চ পাৱাৰ ৱৰ্কাৰ্চ ইউনিয়নে(Assam State Outsource Power Workers Union) ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী (Power workers protest in Barpeta)৷ অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে ১১ টা দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ৷ ধৰ্মঘটকাৰীসকলে অসম চৰকাৰ লেই লেই চেই চেই, আমাৰ চাকৰী নিয়মীয়া কৰক, অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰী জিন্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰীসকলে বৰপেটা বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াক দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে ৷

লগতে পঢ়ক:Protest at Rangia: ন্যাৰ্য প্ৰাপ্তিৰ দাবীত ৰঙিয়াত পৌৰ কৰ্মী প্ৰতিবাদ

ABOUT THE AUTHOR

...view details