অসম

assam

By

Published : Sep 27, 2021, 9:58 AM IST

ETV Bharat / state

চাকৰি নিয়মীয়াকৰণ নকৰিলে আন্দোলনৰ হুংকাৰ outsource power workers ৰ

চাকৰিৰ নিয়মীয়াকৰণৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনাক লৈ বিপাঙত Assam state outsource power workers union ৷ শীঘ্ৰে চাকৰিৰ নিয়মীয়াকৰণ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ৷

assam state outsource power workers union general meeting at diphu
চৰ্ত অবিহনে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে আউটচৰ্চ পাৱাৰ ৱৰ্কাছৰ

ডিফু, 27 ছেপ্টেম্বৰ : ডিফুত আছাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱৰ্কাছ ইউনিয়নৰ কাঞ্চ জ’ন(KANCH ZONE)ৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ৷ ডিফু ক্লাবৰ সভাকক্ষত সন্থাৰ কাঞ্চ জ’নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা মণি বড়োৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত কাঞ্চ জ’নৰ ১২ ডিভিজনৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ৷

সভাত ১২ টা ডিভিজনৰ কৰ্মচাৰীসকলে সন্মুখীন হৈ অহা অভাৱ-অভিযোগ সবিস্তাৰে ব্যাখ্যা কৰাৰ লগতে সভাত উপস্থিত সন্থাৰ শীৰ্ষ নেতৃত্বৰ দৃষ্টিগোচৰ কৰায় ৷ উক্ত সভাত উপস্থিত থকা আছাম ষ্টেট পাৱাৰ ৱৰ্কাছৰ সভাপতি দিব্যজ্যোতি পাঠক, সাধাৰণ সম্পাদক ধনজিত কুমাৰ ৰায়কে ধৰি কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাই কৰ্মচাৰীসকলে উত্থাপন কৰা প্ৰশ্ন আৰু অভাৱ অভিযোগৰ সমাধান দিয়ে ৷

চৰ্ত অবিহনে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে আউটচৰ্চ পাৱাৰ ৱৰ্কাছৰ

ৰ'দ, বৰষুণ, ধুমুহা আদি প্ৰাকৃতিক দুৰ্যোগকো নেওচি শক্তি বিভাগত একান্তভাৱে কাম কৰি বিভাগৰ ৰাজহ সংগ্ৰহ কৰাত অশেষ ত্যাগ স্বীকাৰ কৰি অহাৰ পিছত হঠাতে চৰকাৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে শেহতীয়াকৈ জাৰি কৰা এক নিৰ্দেশনাই শক্তি বিভাগৰ উক্ত অস্থায়ী কৰ্মচাৰীসকলক ভীষণ সমস্যাত পেলাইছে বুলি উল্লেখ কৰিছে আছাম ষ্টেট পাৱাৰ ৱৰ্কাছ ইউনিয়নৰ সভাপতি দিব্যজ্যোতি পাঠকে ৷

ইউনিয়নৰ সভাপতি দিব্যজ্যোতি পাঠকে এপিডিচিএলৰ পৰীক্ষাত উক্ত আউটচৰ্চ কৰ্মচাৰীসকলৰ ৫ বছৰৰ অৰ্হতাৰ লগতে পাঁচ বছৰৰ পেমেণ্ট শ্লীপ থাকিলেহে পৰীক্ষাত অৱতীৰ্ণ হ’ব বুলি দিয়া নিৰ্দেশনা দীৰ্ঘদিনৰ পৰা শক্তি বিভাগত কাম কৰি অহা কৰ্মচাৰীসকলৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব নালাগিছিল বুলি উল্লেখ কৰে ৷ তেওঁ এইসকল কৰ্মচাৰীক শক্তি বিভাগে চৰ্ত অবিহনে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিব লাগে বুলি দাবী কৰে ৷ ইতিমধ্যে সন্থাৰ বহুতো জ্যেষ্ঠ কৰ্মচাৰীৰ চাকৰিৰ নিয়মীয়াকৰণ নোহোৱাকৈয়ে মৃত্যু হোৱা বুলি আক্ষেপ কৰে ৷

লগতে পঢ়ক :সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰত SOP ত কিছু ৰেহাই দিবলৈ আহ্বান অভিনেত্ৰী ভ্ৰান্তি মেধিৰ

তেওঁ লগতে চৰকাৰে জাৰি কৰা সম কামৰ সম দৰমহা নীতিৰ আওতাত আছাম ষ্টেট পাৱাৰ ৱৰ্কাছৰ এইসকল কৰ্মচাৰীকো চাকৰি নিয়মীয়াকৰণ কৰি দৰমহা প্ৰদান কৰিবলৈ দাবী জনায় ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

আনহাতে আছাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱৰ্কাছ কাঞ্চ জ’নৰ সাধাৰণ সম্পাদিকা মণি বড়োৱে শক্তি বিভাগৰ আউটচৰ্চৰ কৰ্মীসকলে প্ৰতিখন বিলত ৮ টকা মাননিত সীমান্তৰ দূৰ-দূৰণিৰ দুৰ্গম এলেকালৈ গৈ বিল প্ৰস্তুত কৰি শক্তি বিভাগৰ ৰাজহ সংগ্ৰহ কৰি অহাৰ ক্ষেত্ৰত বৰঙণি যোগাই আহিছে বুলি আক্ষেপেৰে উল্লেখ কৰে ৷

চৰ্ত অবিহনে পৰীক্ষা অনুষ্ঠিত কৰিব লাগে আউটচৰ্চ পাৱাৰ ৱৰ্কাছৰ

বড়োৱে উল্লেখ কৰা অনুসৰি, বিল প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা কাগজৰ ৰোলটোও এইসকল কৰ্মচাৰীয়ে নিজে ক্ৰয় কৰিব লাগে ৷ তেওঁ পূৰ্বতে হোৱা হেমাহিৰ বাবেই শক্তি বিভাগৰ কোটি কোটি টকা গ্ৰাহকৰ ওচৰত অনাদায় হৈ থকাৰ বাবে এইসকল কৰ্মচাৰী দায়ী নহয় বুলি যুক্তি দৰ্শায় ৷

চৰকাৰে এইসকল আউটচৰ্চৰ কৰ্মচাৰীৰ দুখ-দুৰ্দশাৰ কথা বোধগম্য হৈ কৰ্মচাৰীসকলৰ তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত নকৰি চাকৰিবোৰ নিয়মীয়াকৰণ কৰিবলৈ দাবী জনায় ৷ বিগত ফেব্ৰুৱাৰী মাহত প্ৰকাশ পোৱা এপিডিচিএলৰ পৰীক্ষাৰ ফলাফলত কাঞ্চ জ’নৰ ১৮০ গৰাকী এনে অৰ্হতা সম্পন্ন কৰ্মচাৰী ৰৈ যোৱা কাৰ্যকলৈও আক্ষেপ কৰে সাধাৰণ সম্পাদিকাগৰাকীয়ে ৷

লগতে পঢ়ক :ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ ভাইৰেল ভিডিঅ’ত ন্যায়পালিকাক উপলুঙা কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details