ডিফু, ১৪ জুলাইঃ ডিফু লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত কৃতী ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান । এই অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ ছাত্ৰী দুগৰাকীক সম্বৰ্ধনা প্ৰদান কৰে ।
২০১৮-১৯ বৰ্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিফু ডনবস্ক' হাইস্কুলৰ পৰা আশিকা দাস ৯৫' ৬৬ % শতাংশ আৰু মেলিম ছিংনাৰপী নামৰ ছাত্ৰী দুগৰাকীয়ে ৮৯ %শতাংশ ৰে উত্তীৰ্ণ হৈছিল । আশিকা দাস ডিফুৰ জঘ্নেশ্বৰ দাস আৰু গঙ্গা দাসৰ কন্যা আৰু মেলিম ছিংনাৰপী সাংবাদিক কাংবুৰা ছিংনাৰ আৰু পাটৰপী টেৰণপীৰ কন্যা ৷ উল্লেখ্য যে, ডিফু লেখিকা সমাৰোহ সমিতিয়েও ২০০১ চনৰ পৰা প্ৰয়াত ৰশ্মি ক্ৰ'পী সোঁৱৰণি বঁটা প্ৰদান কৰি আহিছে । সম্বৰ্ধনা জ্ঞাপন কৰা ছাত্ৰী দুজনীক নগদ ৫০০১ টকা, এটা ফুলাম গামোছা, কিতাপৰ টোপোলা, কলম আৰু এখন মানপত্ৰ প্ৰদান কৰে ৷
ডিফুত কৃতী ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান
২০১৮-19 বৰ্ষত ডিফু ডনবস্ক' হাইস্কুলৰ পৰা আশিকা দাস ৯৫' ৬৬ % শতাংশ আৰু মেলিম ছিংনাৰপী ,(৮৯ %শতাংশ ৰে উত্তীৰ্ণ হৈছিল । ডিফু লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত কৃতী ছাত্ৰী দুজনীক সম্বৰ্ধনা জনায় ।
ডিফুত কৃতী ছাত্ৰীক সম্বৰ্ধনা
এই সম্বৰ্ধনা অনুষ্ঠানত ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰীণা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰৱক্তা ডঃ ৰতন বৰ্মন, বিশিষ্ট লেখিকা গীতা বৰা, কাৰবি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সাবিত্ৰী গগৈ, লগতে বঁটা দাতা গীতাঞ্জলী দাস ক্ৰ' উপস্থিত থাকে ।
লগতে আন এটা বাতৰি- উত্তৰ পূৱৰ নাৰীৰ বাবে এটা ভাল খবৰ আনিছে উত্তৰ পূব ছাত্ৰী সংগঠনে ...