ডিফু, ১৬ এপ্ৰিল : বিগত বছৰৰ ৪ চেপ্টেম্বৰত নতুন দিল্লীত কাৰ্বি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠন, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত শান্তিচুক্তি সম্পন্ন হোৱাৰ পাছত মূলসূঁতিলৈ ঘূৰি অহা কেএলএনএলএফ (KLNLF), পিডিচিকে(PDCK), ইউপিএলএ (UPLA) আৰু কেপিএলটি (KPLT) সংগঠনৰ প্ৰায় দুই হাজাৰ সদস্যক শুকুৰবাৰে চাৰিলাখ টকাৰ বিশেষ সাহায্য প্ৰদান কৰে ৰাজ্য চৰকাৰে । শুকুৰবাৰৰ এই বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য প্ৰদান কৰে (Assam provides assistance to militant returning to mainstream)।
দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma at Karbi Anglong) ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এক বিশাল সভাত মূলসূঁতিলৈ ঘূৰি অহা উগ্ৰপন্থী সদস্যসকলৰ মাজত এই সাহায্য প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত এককালীন সাহায্যৰ ধন মূলসূঁতিলৈ ঘূৰি অহা সদস্যসকলক সৎ কাৰ্যত ব্যৱহাৰ কৰি স্ব-নিয়োজনত ব্ৰতী হৈ কাৰ্বি আংলং জিলাৰ অৰ্থনীতিক শক্তিশালী কৰিবলৈ আহ্বান জনায় ৷
উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ ১১ টা পৰিষদীয় সমষ্টিক ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে ১১০ কোটি টকাৰ আঁচনিৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনিৰ শুভ উদ্বোধন কৰে (Assam CM launched several schemes in Diphu) ৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, কাৰ্বি শান্তি চুক্তিৰ পিছত ইয়াৰ প্ৰতিটো দফাৰ কাম আৰম্ভ কৰা হৈছে ৷ সেই চুক্তি অনুসৰি চুক্তি স্বাক্ষৰিত উগ্ৰপন্থী সংগঠনটোৰ প্ৰায় ১,৯০০ তকৈ অধিক সদস্যৰ পুন:সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে চাৰি লাখ টকাৰ নিৰ্দিষ্ট ধন জমা কৰি দিলে ৷