অসম

assam

ETV Bharat / state

Constituency Delimitation : সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ - সমষ্টি পুনৰ নিৰ্দ্ধাৰণ

অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই জাতি- জনগোষ্ঠীসমূহক সুৰক্ষিত কৰিলে বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ বিৰোধীয়ে বিৰোধ কৰিব লাগে বাবেই এই প্ৰক্ৰিয়াৰ বিৰোধ কৰি আছে বুলি কয় তেওঁ ৷

Final List of Constituency Delimitation
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

By

Published : Aug 12, 2023, 10:03 PM IST

ডিফুত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

ডিফু, 12 আগষ্ট : শুকুৰবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে বহু বিতৰ্কিত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ লগে লগে ইয়াক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখা গৈছে ৷ বিভিন্ন ৰাজনেতিক-অৰাজনৈতিক সংগঠন তথা ব্যক্তিয়ে এই তালিকাক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ একাংশই এই তালিকা তথা প্ৰক্ৰিয়াক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই ব্যক্ত কৰিছে তীব্ৰ অসন্তুষ্টি ৷

শনিবাৰে ডিফুত অনুষ্ঠিত হৈ থকা ৰাজ্যিক বিজেপিৰ দক্ষিণ অসম মণ্ডলৰ এক কৰ্মশালাত অংশগ্ৰহণ কৰাৰ পিছত বিয়লি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয় যে, দীৰ্ঘদিনীয়া বিৰতিৰ পিছত অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ল ৷ এই প্ৰক্ৰিয়াই অসমৰ জাতি- জনগোষ্ঠীসমূহক সুৰক্ষিত কৰিলে বুলি মন্তব্য কৰে তেওঁ ৷ এই প্ৰক্ৰিয়া সমাপন হোৱাত ৰাজ্যবাসীৰ লগতে ভাৰতীয় জনতা পাৰ্টীও আনন্দিত হৈছে বুলি মন্তব্য কৰে তেওঁ ৷

বিৰোধী সন্দৰ্ভত মন্তব্য কৰি বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে, বিৰোধীয়ে বিৰোধ কৰিব লাগে বাবেই এই প্ৰক্ৰিয়াৰ বিৰোধ কৰি আছে ৷ লগতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ফলত বিজেপিৰ সাংগঠনিক পৰিকাঠামো সলনি হ'ব আৰু এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত হৈছে জানিবলৈ দিয়ে বিজেপিৰ শীৰ্ষ নেতাগৰাকীয়ে ৷

ইফালে বিজেপিৰ এগৰাকী ৰাজ্যিক নেত্ৰীৰ আত্মহত্যা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি ভৱেশ কলিতাই কয় যে , তেখেত এগৰাকী নিষ্ঠাৱান আৰু সৎ বিজেপি কৰ্মী আছিল ৷ উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে ৮ খন জিলাৰ জিলা পৰিষদ আৰু স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ আছে ডিফুত ৷ এই শিবিৰত অংশগ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই ৷ যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও এই শিবিৰত অংশগ্ৰহণ কৰে ৷ ডিব্ৰুগড় আৰু নলবাৰীতো পৰৱৰ্তী সময়ত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Constituency delimitation: চূড়ান্ত তালিকা মানি লৈ নিৰ্বাচনত যুঁজিবলৈ সাজু অসম কংগ্ৰেছ

ABOUT THE AUTHOR

...view details