ডিফু, ২২ জানুৱাৰী: গণৰাজ্য দিৱসলৈ মাত্ৰ চাৰিটা দিন বাকী থকা মূহূৰ্তত পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বিষ্ফোৰক হেণ্ড গ্ৰেণেড আৰু অস্ত্ৰ-শস্ত্ৰ (Weapons including explosives recovered)৷ আজি বিয়লি কাৰ্বি আংলঙৰ ঘন জংঘলৰ ভিতৰত পুতি থোৱা অৱস্থাত অসম আৰক্ষীয়ে উদ্ধাৰ কৰে এই বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ ৷ শণিবাৰে ডিফু আৰক্ষী থানাত এক সংবাদ মেলৰ আয়োজন কৰি ভাৰপ্ৰাপ্ত বিষয়া জে এছ খবুঙে সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে ৷
অ'চি জে এছ খবুঙে জানিবলৈ দিয়া অনুসৰি যোৱা বছৰৰ শেষৰ ফালে কাৰ্বি আংলঙৰ ৰংমংৱেত আৰক্ষীৰে সংঘৰ্ষত কাৰ্বি ডেম’ক্ৰেটিক লিবাৰেছন ফ্ৰণ্ট চমুকৈ কেডিএলএৰ স্বয়ম্ভু অধ্যক্ষ জেকছন ৰংহাঙৰ মৃত্যু হৈছিল ৷ মৃত জেকছন ৰংহাঙে বহুতো অস্ত্ৰ-শস্ত্ৰ কাৰ্বি আংলঙৰ গোপন স্থানত লুকুৱাই ৰখাৰ সম্ভেদো লাভ কৰিছিল আৰক্ষীয়ে ৷ সেই মৰ্মে আৰক্ষীয়ে এই অস্ত্ৰ-শস্ত্ৰৰ গোপনে সন্ধান চলাইছিল ৷ অৱশেষত শণিবাৰে বিয়লি প্ৰায় 2 বাজি 45 মিনিটত আৰক্ষীয়ে গোপন সূত্ৰে উক্ত অস্ত্ৰ-শস্ত্ৰ ডিফু-লামডিং পথৰ ব'টানিকেল গাৰ্ডেনৰ পিছফালৰ হাবিত লুকুৱাই ৰখাৰ তথ্য লাভ কৰে ৷ সম্ভেদ লাভ কৰাৰ লগে লগে জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নিৰ্দেশমৰ্মে ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জেএছ খবুঙৰ নেতৃত্বত উপ-পৰিদৰ্শক দীপজ্যোতি দাস, 7 এপিবিএনকে ধৰি আৰক্ষীৰ এটা বৃহৎ দলে উক্ত স্থানত উপস্থিত হৈ লুকুৱাই থোৱা অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Assam Police busted Hideout and recovered Huge Arms and ammunition) ৷
উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু বিষ্ফোৰক পদাৰ্থসমূহ ক্ৰমে, এটা 0.22 ৰাইফল, এটা হস্তনিৰ্মিত মেগজিনসহ থ্ৰী নট থ্ৰী ৰাইফল, এটা হস্তনিৰ্মিত পিষ্টল, 4 টা HE 39 হেণ্ড গ্ৰেণেড, 3 টা AK 47 ৰাইফলৰ মেগজিন, 6 টা পিষ্টলৰ মেগজিন, তাঁৰসহ ৭ টা ডিটনেটৰৰ বাণ্ডিল, HE 39 গ্ৰেণেডৰ 7 টা স্প্ৰিং, HE 39 গ্ৰেণেডৰ 9 টা ডিটেনেটৰ, 3 টা ওৱাৰলেছ ছেট, 7 টা বিষ্ফোৰক, একে 47 ৰাইফলছৰ 180 টা সঁজীৱ গুলী, 9 এমএম পিষ্টলৰ 66 টা সঁজীৱ গুলী আৰু 0.22 পিষ্টলৰ 31 টা সজীৱ গুলী ৷ অৱশ্যে অস্ত্ৰ-শস্ত্ৰখিনিৰ লগত আৰক্ষীয়ে কাকো আটক কৰিবলৈ সক্ষম নহ’ল ৷