অসম

assam

ETV Bharat / state

৩১ আগষ্টত সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান - ডিমা হাচাও ড্ৰাইভাৰ ইউনিয়ন

ডিমাহাচাও সংঘটিত নৃশংস ঘটনাটোৰ প্ৰতিবাদ জনাই সদৌ মটৰ শ্ৰমিকৰ যুটীয়া সংগঠনে ৩১ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ১ ছেপ্তেম্বৰ পুৱা ৫ বজালৈকে ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনাইছে ৷

ASSAM MOTOR SHRAMIK FEDARATION ANNOUNCE 24 HOUR ALL ASSAM WHEEL BLOCKED ON 31ST AUGUST 2021
৩১ আগষ্টত সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান

By

Published : Aug 28, 2021, 10:45 PM IST

ডিফু,২৮ আগষ্টঃডিমা হাচাও জিলাত যোৱা ২৬ আগষ্টত ৫ জনকৈ নিৰিহ ট্ৰাক চালকক হত্যা কৰাৰ প্ৰতিবাদত শনিবাৰে সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে এখনি জৰুৰী সভাত মিলিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ফেডাৰেশ্যনৰ সভাপতি কৃষ্ণ বৰা আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে এক প্ৰেছ বিবৃতিত কয় যে, আজিৰ সভাই বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷

সেই অনুসৰি নৃশংস ঘটনাটোৰ প্ৰতিবাদ জনাই সদৌ মটৰ শ্ৰমিকৰ যুটীয়া সংগঠনে ৩১ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ১ ছেপ্তেম্বৰ পুৱা ৫ বজালৈকে ২৪ ঘণ্টীয়া চকা বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৷ ইপিনে মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ লগতে সভাখনত নগাঁও জিলা চালক সন্থা, কাৰ্বি আংলং মটৰ ট্ৰান্সপৰ্ট ৱৰ্কাৰচ এণ্ড ড্ৰাইভাৰ ইউনিয়ন, ডিমা হাচাও ড্ৰাইভাৰ ইউনিয়নে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাই ৷

৩১ আগষ্টত সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান

লগতে চৰকাৰক দাবী জনাই যে, ৰাজ্যৰ পৰা উগ্ৰপন্থীৰ সমস্যা একেবাৰে নিৰ্মূল কৰিবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ ইয়াৰোপৰি ঘটনাত নিহত প্ৰতিগৰাকীলৈ ১৫ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে আহত সকলক ৩ লাখকৈ টকা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় সংগঠনকেইটাই ৷

লগতে পঢ়কঃগুৱাহাটীত উত্তৰ-পূর্বাঞ্চলৰ স্বাস্থ্যমন্ত্ৰী সকল আৰু আয়ুসৰ সন্মিলন

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নিশা প্ৰায় 9 বজাত উমৰাংছ’ৰ ডালমিয়া চিমেণ্টৰ পৰা লংকালৈ যোৱা পাঁচখনকৈ ট্ৰাকত গুলীচালনা কৰাৰ লগতে অগ্নিসংযোগ কৰিছিল সন্দেহযুক্ত ডিএনএলএ (DNLA)ৰ সদস্যই ৷ ডিমা হাছাওত সন্দেহযুক্ত উগ্ৰপন্থীয়ে যি বৰ্বৰ আক্ৰমণ চলালে, এই আক্ৰমণত প্ৰাণ হেৰুৱালে পাঁচগৰাকীকৈ নিৰীহ ট্ৰাক চালকে ৷ তাৰে চাৰিজন ট্ৰাক চালক আছিল হোজাই জিলাৰ ৷

আনহাতে এই ঘটনাৰ বুজ লোৱাৰ বাবে শুকুৰবাৰে ৰেঞ্জাৰবিলৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয় গৈ অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত । আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰা হ’ব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ৷

তাৰপাছতে আৰক্ষী অধীক্ষক গৰাকীয়ে দিয়ুংমুখত উপস্থিত হৈ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিং আৰু নিৰাপত্তা বাহিনীৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয় ৷

লগতে পঢ়কঃ কুৰিয়াৰ যোগে গুৱাহাটীলৈ কোকেইন প্ৰেৰণ: দিল্লীত গ্ৰেপ্তাৰ এজন

ABOUT THE AUTHOR

...view details