অসম

assam

By

Published : Apr 25, 2022, 10:49 PM IST

ETV Bharat / state

কাৰ্বি আংলঙত প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

অহা 28 এপ্ৰিলত কাৰ্বি আংলং জিলাত উপস্থিত হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী আগমনৰ পূৰ্বে সোমবাৰে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM inspects PM Modi's meeting spot in Karbi Anglong)।

assam-cm-visits-pm-meeting-spot-at-karbi-anglong
কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন

ডিফু, 25 এপ্ৰিল : আগন্তুক 28 এপ্ৰিলত কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লৰিংথেপিত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi's Assam visit) ৷ ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং আৰু টিম কাৰ্বি আংলঙৰ নেতৃত্বত সভাস্থলীৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ একপ্ৰকাৰে যুদ্ধকালীন গতিৰে নিৰ্মাণকাৰ্য অব্যাহত আছে প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ ।

কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন

ইফালে, কাৰ্বি আংলং জিলাৰ লৰিংথেপিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভালৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাতে সোমবাৰে পুনৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, সোমবাৰে বিয়লি কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা (Cabinet minister Pijush Hazarika) আৰু যোগেন মহন, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনসহ হেলিকপ্টাৰেৰে লৰিংথেপিত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী (Assam CM visits PM meeting spot at Karbi Anglong)।

ইফালে, সভাস্থলী পৰিদৰ্শন কৰাৰ লগতে সকলো ব্যৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং, সাংসদ হৰেনছিং বে, বিধায়ক বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাং । সভাস্থলী পৰিদৰ্শনৰ অন্তত এক পৰ্যালোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ।

লগতে পঢ়ক :ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিৰ্দশন

ABOUT THE AUTHOR

...view details