ডিফু, ১০ফেব্ৰুৱাৰী:ডিফুৰ অসম গ্ৰন্থমেলা ২০২৩ ক্ৰমাৎ আকৰ্ষণীয় আৰু মনোগ্ৰাহী হৈ পৰিছে (Assam Book Fair at Diphu) ৷ আজি পঞ্চম দিনৰ কাৰ্যসূচীত বিশিষ্ট লেখক-সাংবাদিক সঞ্জু বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা যুৱ-লেখকৰ সমাৰোহ 'উন্মীলন' অনুষ্ঠানে গ্ৰন্থমেলাক এক নতুন মাত্ৰা প্ৰদান কৰে ৷ লগতে অসম গ্ৰন্থমেলাত হোৱা গ্ৰন্থপ্ৰেমীৰ ভিৰে ইয়াৰ বৌদ্ধিক সমাজৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷
বিশেষকৈ গ্ৰন্থমেলাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ অনাগত ভৱিষ্যতৰ বাবে শুভ লক্ষণ বুলি মত প্ৰকাশ কৰিছে বিদ্বৎ মহলে ৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত তথা কাৰবি আংলং জিলা প্ৰশাসনৰ সহযোগত ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাত আজি হোৱা কিতাপ বিক্ৰীৰ হাৰে গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতাসকলক উৎসাহিত কৰা পৰিলক্ষিত হয় ৷
আগন্তুক তিনিদিনত কিতাপ বিক্ৰীৰ পৰিমান আৰু বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে ৷ ইপিনে গ্ৰন্থমেলাৰ লংকাম টেৰণ সোঁৱৰণী প্ৰেক্ষাগৃহত আজি বিয়লি ১ বজাত অনুষ্ঠিত হয় যুৱ লেখকৰ সমাৰোহ “উন্মীলন”(Youth writers forum UNMILON) ৷