ডিফু, 30 জুলাই : অসম-মিজোৰাম সীমান্ত (Assam-Mizoram Border)ৰ লাইলাপুৰত অসম আৰক্ষী (Assam Police)ক বৰ্বৰভাৱে গুলীয়াই হত্যা কৰাৰ পাচতে শুকুৰবাৰে অসম আৰু নাগালেণ্ড প্ৰশাসনৰ অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক ৷ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বিলাতী মাটি কাৰখানাৰ অতিথিশালাত অনুষ্ঠিত হয় এই বৈঠক । মিজোৰামৰ সৈতে সংঘটিত হোৱা সীমা বিবাদ (Border Dispute)ৰ মাজতে অসম-নাগালেণ্ডৰ সীমান্তক লৈ আলোচনাত বহে দুই ৰাজ্যৰ আৰক্ষী-প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকল ।
লগতে পঢ়ক :মিজো আৰক্ষীৰ গুলিত নিহত জোৱানলৈ শ্ৰদ্ধাঞ্জলি অসম আৰক্ষীৰ